নিউজ ডেক্স,২৩ জানুৱাৰী,২০২৩ : যোৱা ইংৰাজী ২১ জানুৱাৰী ২০২৩ তাৰিখে ডিব্ৰুগড় বৈৰাগীমঠস্থিত ” টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত Indigenous peoples of Mung-Dun-Chun-Kham, Assam, North East ৰ উদ্যোগত আৰু সচেতন নাগৰিক মঞ্চৰ সহযোগত অসমৰ
লোকসভা আৰু বিধান সমষ্টি সমূহ বিসংগতি পূৰ্ণভাবে পুনঃনিৰ্ধাৰণ সম্পৰ্কত এখনি আলোচনা অনুষ্ঠিত হয়। এই সম্পৰ্কত লক্ষীমপুৰৰ গুণ ফুকনে প্ৰকাশিত বাতৰি সমূহৰ উদ্ধৃতি দি কয় যে উজনি অসমৰ ৫টা বিধান সভা সমষ্টি কৰ্তন কৰি নামনি অসমৰ জিলা সমূহত এই সমষ্টি কৈইটা সংযোগ কৰিব বিচৰাতো আমাৰ বাবে দুুখজনক।ইয়াৰ দ্বাৰা উজনি অসমৰ খিলঞ্জীয়া ৰাইজক ৰাজনৈতিক ভাৱে নিশকতীয়া কৰিব বিচৰা হৈছে বুলি কোৱাৰ লগতে টাই আহোম জাতীয় পৰিষদৰ সম্পাদক মনোজ বড়াই সমষ্টি পুনঃ নিৰ্ধাৰণ কৰা সম্পৰ্কত যোৱা ১১/০১/২০২৩ তাৰিখত টাই আহোম জাতীয় পৰিষদৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত হোৱা সভাত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ বিষয়ে অৱগত কৰে। ১৯৭১ চনৰ ভিত্তিত ১৯৭৬ চনত পুনঃনিৰ্দ্ধাৰণ কৰা ১২৬ সমষ্টি অসমত আছে। তেখেতে যোগাত্মক দৃষ্টিৰে সকলোৱে খোজত খোজ মিলাই এই ক্ষেত্ৰত আগবাঢ়িবৰ বাবে আহ্বান জনায়৷ Indigenous peoples of Mung-Dun-Chun-Kham, Assam, North East ৰ সাংগঠনিক সম্পাদক কাৰ্তিক হাজৰিকাই সমষ্টি পুনঃ নিৰ্ধাৰণ সন্দৰ্ভত সুনিৰ্দিষ্ট বা নিখুঁত ভাৱে কাৰ্যপন্থাৰে আগুৱাই গলেহে ৰাজনৈতিক ভাৱে লাভাৱান্বিত হ’ব বুলি কৈ খিলঞ্জীয়া সকলৰ স্বাৰ্থ বাধাগ্ৰস্ত নহ’বলৈ উচ্চতম ন্যায়ালয়ত মোকৰ্দমা তৰিবলৈ তৎকালে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু প্ৰথম পদক্ষেপ হিচাপে মূখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ আদিক স্মাৰক পত্ৰ প্ৰদান কৰা, দ্বিতীয়তে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী আৰু ন্যায়ালয়ত গোচৰ তৰা সম্পৰ্কত গুৰুত্ব আৰোপ কৰে।উক্ত সভাত সাংবিধানিক ভিত্তি বছৰ ভিত্তিত শুদ্ধ NRC প্ৰকাশ নোহোৱালৈকে সমষ্টি পুনঃ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ লগতে উজনি অসমৰ খিলঞ্জীয়া লোকৰ সমষ্টি কৰ্তন কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধীতাৰে সমভাৱাপন্ন ব্যক্তি আৰু সংগঠনৰ লগত একেলগে আগবাঢ়ি উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷