নিউজ ডেক্স,৩১জানুৱাৰী ২০২৩ :আজি পবিত্ৰ মে-ডাম-মে ফি । আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুঠাও সকলক স্মৰণ কৰাৰ এক পবিত্ৰ দিন ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ দৰে সদৌ তাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আটাছুৰ নাজিৰা মহকুমা সমিতিৰ কাৰ্য্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় মে-ডাম-মেফি।অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী অশোক সিংহলে চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰাৰ লগতে তাই আহোমৰ ৰীতি-নীতেৰে অনুস্থিত ডামফি পূজাত ভাগ লয় আৰু অসম তথা অসমীয়া জাতি গঠনত আহোম স্বৰ্গদেউ সকলৰ অমূল্য অৱদানক স্মৰণ কৰি সেৱা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে । এই মে-ডাম-মেফি অনুষ্ঠানত স্বদেশ ,স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি , সৃষ্টি কৰ্তা ,নদ-নদী ,পাহাৰ ভৈয়াম ,বিদ্যাৰ অধিকাৰী জাচিংফাৰ লগতে অপশক্তি আঁতৰিবলৈ অৰ্পণ কৰা হয় বিভিন্ন ধৰণৰনৈবেদ্য৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই



