মে-ডাম-ফী টাই-আহোমসকলৰ এক পবিত্ৰ ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ বিশ্বাস কৰা হয় যে মৃতক উপৰিপুৰুষ দেৱতাসকলে ওপৰৰ পৰা তেওঁলোকৰ উত্তৰপুৰুষসকলকৰ অপায়-অমঙ্গল , বিপদ-বিঘিনি সকলো দূৰ কৰি আৰু ভৱিষ্যত উজ্জ্বল কৰাব । সেয়েহে উপৰিপুৰুষ দেৱতাসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা ভক্তি নিবেদন কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ কামনাৰে পূজা সেৱা আগবঢ়োৱা হয় ।
টাঈ আহোম সকলৰ বিশ্বাস গৃহ-দেৱ্তাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামোৰে, বাঘেও নাখায়, আনকি যমেও নিবলৈ ভয় খায় ৷ এই বিশ্বাস সৰোগত কৰিয়েই আহোম সকলে কেৱল মেডাম মেফিৰ দিনাই উপৰি পুৰুষ সকলক ষ্মৰণ কৰি পূজা দিয়ে তেনে নহয় প্ৰতিঘৰ আহোম পৰিয়ালে তিনি বিহুত, নখোৱাত, ঘৰৰ ল’ৰা ছোৱালীৰ বিবাহৰ আগ সময়ত ওছৰ চুবুৰীয়া বংশ পৰিয়ালক আমন্ত্ৰণ কৰি মৃতকক দিয়াৰ পৰম্পৰা আজিও চলি আছে ৷ এনে অনুষ্ঠানত মৃত উপৰিপুৰুষ সকলক চাউল, সাঁজ, মাছ মঙহ আদি উচৰ্গিত কৰি সোঁৱৰণ কৰা হয় আৰু তেওঁলোকৰ পৰা আশীষ বিছৰা হয় ৷
মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে মৃতক আৰু ফী মানে হ’ল দেও বা দেৱতা৷ অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায়৷ প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে ৷মে ডাম মে ফি ’ত পূজাৰ ধৰ্মীয় কামখিনি দেওধাই, বাইলুং আৰু মহন আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। এই পূজাত ফ্ৰালুং আৰু বানফী আদি টাই পুথিৰপৰা মন্ত্ৰ পাঠ কৰা হয়।
বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী মানে (মন্দিৰ) সাজে খেৰ আৰু বাঁহেৰে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে৷ এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়৷
মে-ডাম-মে-ফি বা পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত৷ ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে৷ ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাচনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়৷
মে-ডাম-মে-ফীত প্ৰধানকৈ স্বৰ্গদেউসকলৰ আদিপুৰুষ লেংডনকে ধৰি আঠজন দেৱতাক পূজা আগবঢ়োৱাৰ উপৰিও অসমীয়া জাতিৰ আদিপুৰুষ বৰঅসম গঢ়োতা মহান স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিও পূজা আগবঢ়োৱা হয় । এই আঠজন দেৱতা হ’ল –
১/ খাওখাম ( জলাধিপতি )
২/ আই লেং ডিন ( পৃথিৱীৰ অধিপতি )
৩/ ফা-নুৰু লেং ডন ( উপৰিপুৰুষ বা স্বৰ্গৰ অধিপতি )
৪/ লাংকুৰি ( পৰ্বতৰ দেৱতা )
৫/ জান-চাই-হুং ( সৰ্বাধিকৰ্তা বা দেওসকলৰ গুৰু )
৬/ চিত-লাম-চাম ( প্ৰাকৃতিক দুৰ্যোগৰ গৰাকী )
৭/ জাছিংফা ( বিদ্যাৰ অধিকাৰী )
৮/ মুট-কুম তাই-কুম ( তাপ-পোহৰৰ অধিকাৰী)
৯/ চাও ফি ডাম ( স্বৰ্গদেউ চাওল্যুং চ্যুকাফা )
স্বৰ্গৰ ৰজা লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক সোণৰ জখলাৰে নামি আহি পৃথিৱীত ৰাজত্ব চলাবলৈ পঠোৱাৰ সময়ত জ্ঞানৰ অধিশ্বৰ ‘”জাছিংফা”ই তেওঁলোকক উপদেশ দিছিল—’তোমালোকৰ ককা, লেংদনে পৃথিৱীত ৰাজত্ব চলাবৰ বাবে তোমালোকক স্বৰ্গৰ পৰা মৰ্ত্ত্যলৈ পঠাইছে।–যেতিয়া ’ফিন-হা’ মাহ আহিব, পবিত্ৰ ’চিনকৰা’ ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিন এটা ঠিক কৰি তেওঁ অৰু অন্যান্য দেৱ-দেৱীসকলৰ নামত জীৱ-জন্তু আৰু আন ভাল ভাল বস্তু উচৰ্গা কৰি পূজা অৰ্চনা কৰিবা। তেতিয়া লেংদনে অন্যান্য আঠ হাজাৰ দেৱ-দেৱীৰ লগত মৰ্ত্ত্যলৈ নামি আহি তোমালোকক আশীৰ্ব্বাদ কৰিব।’ এইটো বিশ্বাসকে শিৰোধাৰ্য্য কৰি খুন-লুং আৰু খুন-লাইৰ পৰা সৃষ্টি হোৱা পিছৰ বিভিন্ন টাই গোষ্ঠীয়ে নিজকে লেংদনৰ বংশ বুলি জ্ঞান কৰি আজিৰ দিনলৈকে লেংদন, দেৱতাসকল আৰু প্ৰয়াত পূৰ্ব্ব পুৰুষৰ বেলেগ বেলেগ নামেৰে পূজা-অৰ্চনা চলাই আহিছে। ‘”জাছিংফা”ই খুন-লুং আৰু খুন-লাইক আফা, ফুৰালুং, মে ডাম মে ফি আৰু ৰিকখন পূজা কৰিবলৈ উপদেশ দিছিল।
স্বৰ্গদেউ চ্যুকাফা ৰাজত্বৰ কালৰ পৰাই দেওধাই , মহন আৰু বাইলুঙৰ দ্বাৰা প্ৰতি বছৰে শুভদিন চাই মে-ডাম-মে-ফী পালন কৰিছিল । স্বৰ্গদেউ চ্যুকাফাৰ সেই ৰীতি পৰৱৰ্তী আহোম স্বৰ্গদেউসকলেও অনুসৰণ কৰিছিল আকু মে-ডাম-মে-ফি পাতিছিল । বুৰঞ্জীৰ মতে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকাললৈকে এনেকৈ ৰাজকীয় প্ৰথাৰে মে-ডাম-মে-ফী পতা হৈছিল । কালৰ সোঁতত আহোম তাই সকলৰ বহুতো নিজস্ব স্বকীয়তা হেৰুৱাই পেলালে যদিও মে-ডাম-মে-ফীৰ পূজা আজিও পালন হৈ আহিছে প্ৰধানকৈ নিজৰ ধৰ্ম আৰু ভাষা এৰি পেলালে । মে-ডাম-মে-ফী যদিও তাই আহোমসকলৰ পূজা , ইয়াত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়াব পাৰে, সেই আদৰ্শ স্বয়ং স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই আমাক দেখুৱাই গৈছে । মে-ডাম-মে-ফী হ’ব পাৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক সমন্বয়ৰ মহা উৎসৱ । জেৰেঙাৰ_জয়মতী_কলা_কেন্দ্ৰৰ তৰফৰ পৰা
টাই_আহোম সম্প্ৰদায়ত পৰম্পৰাগত ভাবে উপৰিপুৰুষ খ্রুপতাং পুলিন পুথাও সকলক উপসনা কৰা পবিত্ৰ অনুস্থান মে ডাম মে ফীৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ সমুহ অসমবাসীলৈ৷



মে-ডাম-ফী টাই-আহোমসকলৰ এক পবিত্ৰ ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ বিশ্বাস কৰা হয় যে মৃতক উপৰিপুৰুষ দেৱতাসকলে ওপৰৰ পৰা তেওঁলোকৰ উত্তৰপুৰুষসকলকৰ অপায়-অমঙ্গল , বিপদ-বিঘিনি সকলো দূৰ কৰি আৰু ভৱিষ্যত উজ্জ্বল কৰাব । সেয়েহে উপৰিপুৰুষ দেৱতাসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা ভক্তি নিবেদন কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ কামনাৰে পূজা সেৱা আগবঢ়োৱা হয় ।