নিউজ ডেক্স,১ ফেব্ৰুৱাৰী , ২০২৩ : আজি দিনৰ এঘাৰ বজাত সংসদত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আৰম্ভ কৰে বাজেট ভাষণ। এই বাজেটক লৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পূৰ্ণাংগ বাজেটত বিত্তমন্ত্ৰীয়ে টেক্স শ্লেব, শিক্ষা, স্বাস্থ্য, কৃষি আদিকে ধৰি বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰিব পাৰে বুলি সকলোৱেই আগ্ৰাহাণ্বিত আজিৰ বাজেটক লৈ। সকলোৱে আশা কৰিছে এই বাজেটে পূৰণ কৰিব সাধাৰণ জনতাৰ আশা-আকাংক্ষা।এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট ।
বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে, নগৰ উন্নয়নৰ বাবে ৰাজ্যক উত্সাহিত কৰা হ’ব। পুনৰ উজ্জীৱিত কৰা হ’ব ৫০টা বিমান বন্দৰ, হেলিপেড। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত সন্নিৱিষ্ট কৰা হৈছে। আনহাতে দেশৰ ৰে’ল খণ্ডলৈ ২.৪০ লাখ কোটি টকা আগবঢ়োৱাৰ লগতে বুদ্ধিমত্তাৰ বিকাশৰ বাবে চেণ্টাৰ ফৰ এক্সিলেঞ্চৰ প্ৰস্তাৱেৰে এই বাজেটত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে৷ সকলো ডিজিটেল কামত পান কাৰ্ড বাধ্যতামূলক কৰাৰ কথাও উল্লেখ কৰা হৈছে এইবাৰৰ বাজেটত৷ বাজেট উল্লেখ কৰা মতে ০-৩ লাখ টকালৈকে= কোনো কৰ নাই, ৩-৬ লাখ টকালৈকে=৫%, ৬-৯ লাখ টকাৰলৈকে =১০%, ৯-১২ লাখ টকাৰলৈকে= ১৫%, ১২-১৬ লাখ টকাৰলৈকে =২০% আৰু ১৫ লাখ টকাৰ ওপৰলৈ ৩০% পৰিমাণত আয় কৰ দিব লাগিব নাগৰিকে ৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

