ভাস্কৰজ্যোতি বৰগোহাঞি , নাজিৰাঃ ২ ফেব্ৰুৱাৰী ,২০২৩ :নাজিৰা নগৰত এটা পাব্লিক টয়লেট নোহোৱাৰ পৰিস্থিতিত ভূক্তভোগীৰ সমস্যা কি ইয়াৰ উপলব্ধি কৰিবলৈ যেন কোনো নাই । দীৰ্ঘদিন ধৰি নগৰখনৰ ৫ নং ৱাৰ্ডৰ টকৌ আলি আৰু ধোদৰ আলি সংযোগী পথ তথা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদৰ কাষত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো কৰ্তৃপক্ষই ভাঙি পেলোৱাহে পৰিলক্ষিত হ’ল । সেই ৰাজহুৱা প্ৰস্ৰাৱগাৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ উন্নতি কল্পে প্ৰশাসনক দৃষ্টিগোচৰ কৰি ৰাইজে দাবী উত্থাপন কৰি অহাৰ সমান্তৰাল ভাৱে বহু বাতৰি পৰিৱেশন কৰি শীঘ্ৰেই আধুনিক প্ৰস্ৰাৱগাৰ ব্যৱস্থালৈ উন্নীত কৰিবলৈ পৰামৰ্শ দাঙি ধৰা হৈছিল । কৰ্তৃপক্ষই পুৰণাটো ভাঙি নতুনকৈ এটা নিৰ্মাণৰ বাবে পদক্ষেপ ল’ব বুলি প্ৰতিশ্ৰুতি দিয়াই নহয় তাৎক্ষণিকভাৱে পুৰণাটো ভাঙি পেলোৱা হৈছিল । পিছে নতুনকৈ প্ৰস্ৰাৱগাৰ নিৰ্মাণ নহৈ এই পৰ্য্যন্ত নাজিৰা নগৰখনত ৰাজহুৱা প্ৰস্ৰাৱগাৰ শূণ্য হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত সমগ্ৰ নগৰখনেই এক ৰাইজৰ প্ৰতিকুলে থকা নিকায়ত পৰিণত হৈছে । আজি বিয়লি নাজিৰা চাৰিআলিত অৱস্থিত এক ব্যক্তিগত পেট্ৰল পাম্পত প্ৰস্ৰাৱগাৰৰ নামত থকা সামান্য সুবিধাকণ ল’বলৈ আগবাঢ়ি যোৱা এজন যুৱকক পেট্ৰল পাম্প কৰ্তৃপক্ষই ককৰ্থনা কৰি আঁতৰাই পঠায় বুলি যুৱকজনে সাংবাদিকক অৱগত কৰে । যুৱকজনে এই অভিযোগো তোলে যে পৌৰসভা আৰু মহকুমা প্ৰশাসন বৰ্ত্তমানে থাকিও নাগৰিকৰ মৌলিক প্ৰয়োজন উপলব্ধি কৰাত বিফল হৈছে । সেয়ে ৰাইজৰ মাজত ব্যৱসায় কৰা পেট্ৰল পাম্পত কাতৰ হৈ প্ৰস্ৰাৱগাৰৰ সুবিধা বিচাৰি যোৱাৰ সময়ত বৰঞ্চ ককৰ্থনাৰ মুখামুখি হোৱা পেট্ৰল পাম্পটোত যে দায়ৱদ্ধতা ৰক্ষা কৰি পুৰুষ আৰু মহিলাৰ সুবিধাৰ কাৰণে কোনো নিৰ্দিষ্ট প্ৰস্ৰাৱগাৰেই নাই সেই কথাও দৃষ্টিগোচৰ হয় । এই সম্পৰ্কত এটা তলা লাগি থকা প্ৰস্ৰাৱগাৰ পেট্ৰল পাম্পটোত প্ৰত্যক্ষ কৰে স্থানীয় সংবাদ কৰ্মী সকলেও । এনে যমৰ যাতনালৈ আতুৰ নাগৰিকক ঠেলি দি নাজিৰা পৌৰসভাই কেনেদৰে নাগৰিকৰ সমস্যা দূৰ কৰিছে সেয়া নাগৰিকৰ মনত প্ৰশ্ন জাগিছে । আনহাতে নগৰ এখনৰ মৌলিক প্ৰয়োজন পূৰণৰ দিশত নাজিৰাত মহকুমা প্ৰশাসনেও কোনো তৎপৰতা প্ৰদৰ্শন নকৰি সঁচাকৈয়ে মানুহৰ শৰীৰৰ প্ৰাকৃতিক আহ্বানৰ দিশটোক অৱজ্ঞা কৰিছে আৰু প্ৰস্ৰাৱগাৰ বিহীন পৰিস্থিতিয়ে এই দ়ষ্টান্ত তুলি ধৰিছে । পুৰুষ, মহিলা, ৰোগী, ব্যৱসায় বাণিজ্যত নিযোজিত সকল নগৰলৈ অহাৰ সময়ত আতুৰ হৈ লজ্জা পৰিহাৰ কৰি বাটে-পথে প্ৰস্ৰাৱ কৰা নাজিৰা নগৰৰ সহজাত দৃশ্য হৈ পৰিছে ।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

