ভাস্কৰজ্যোতি বৰগোহাঞি, নাজিৰাঃ৩ ফেব্ৰুৱাৰীঃনাজিৰা নগৰৰ ১ নং ৱাৰ্ডত অৱস্থিত টাই আহোম সাংস্কৃতিক কেন্দ্ৰত বানফী পূজাৰে যাথাবিহিত ভাৱে উপৰিপুৰুষলৈ তৰ্পণ আগবঢ়াই পৱিত্ৰ মে-ডাম মে-ফি পালন কৰা হয় । দিনটোৰ বিস্তৃত কাৰ্য্যসূচীত পুৱা পতাকা উত্তোলণ কৰে সাংস্কৃতিক কেন্দ্ৰটোৰ সভাপতি বিষ্ঞু বৰুৱাই । ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃতি, মহিলা সকলৰ মাজত মিউজিক চেয়াৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । টাই ভাষী গীত, টাই নৃত্য পৰিৱেশন কৰে যুৱক যুৱতী সকলে । মুকলি সভাৰ সভাপতিত্ব কৰে বিষ্ঞু বৰুৱাই । টাই ভাষী সমদল গীতেৰে সভা মুকলি কৰা হয় । সভাত বিশিষ্ট বক্তা ৰূপে প্ৰদীপ ম’ছাম ফুকনে মে-ডাম মে-ফিত উপৰি-পুৰুষ আৰু প্ৰকৃতিৰ প্ৰতি প্ৰাৰ্থনাৰে সমাজৰ কল্যাণ আৰু মানৱীয় সম্প্ৰীতিৰ উপলব্ধি জ্ঞানক জাগ্ৰত কৰা হয় বুলি উল্লেখ কৰে । অ’ এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া অৰুণ কোঁৱৰ, শিক্ষক অৰুণ কোঁৱৰ, প্ৰহ্লাদ বৰগোহাঁই, লক্ষীৰাম লাচিত, নিলীমা গগৈ, লক্ষীন্দ্ৰ ৰাজখোৱা, ভাস্কৰজ্যোতি বৰগোহাঁই আদিয়ে বক্তব্য দাঙি ধৰে । সভাত নিবেদিতা ফুকন, প্ৰণীতা লাচিতে গীত পৰিৱেশন কৰে ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ




