ভাস্কৰজ্যোতি বৰগোহাঞি, নাজিৰা, ৮ ফ্ৰেব্ৰুৱাৰী ২০২৩ :
নাজিৰা নগৰৰ ৯ নং ৱাৰ্ডৰ নিবাসী সমাজ কল্যাণ বিভাগৰ অঙ্গনবাদী কৰ্মী হিচাপে কৰ্মৰত জ্যোতিমণি হাতীকাকতিৰ যোৱা ৭ ফ্ৰেব্ৰুৱাৰীৰ পুৱাৰ ভাগত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । বিজ্ঞানৰ স্নাতক হৈ অঙ্গনবাদী কৰ্মী হিচাপে জীৱন নিৰ্বাহ কৰা হাতীকাকতিৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৪ বছৰ । স্পষ্টবাদিতা আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৰ জড়িয়তে বহুল পৰিচয় লাভ কৰা জ্যোতিমণি হাতীকাকতি শ্ৰেষ্ঠ অঙ্গনবাদী কৰ্মী হিচাপে স্বীকৃত হৈছিল । নাজিৰাৰ শিল্পীসমাজত গায়িকা, নৃত্যশিল্পী আৰু নাটকৰ অভিনেত্ৰী ৰূপে পৰিচিত হোৱাৰ লগতে তবলা আৰু চেটাৰ বজায়ো মানুহক সন্মোহিত কৰিছিল, তেওঁ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বিহুগীত আৰু নৃত্যৰ প্ৰশিক্ষণো আগবঢ়াইছিল । কিছুদিনৰপৰা বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা হাতীকাকতি চিকিৎসাধীন হৈ আছিল । অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু নাজিৰা আঞ্চলিক সাহিত্য সভাৰ কুঁহিৰ সম্পাদিকা, অসম নাট্য সন্মিলনৰ নাজিৰা শাখাৰ সহকাৰী সম্পাদিকা হিচাপে সক্ৰিয় হৈ অবিবাহিতা হৈয়ে ৰোৱা জ্যোতিমণি হাতীকাকতিৰ মৃত্যুত নাজিৰা নগৰত শোকৰ ছাঁ পৰিছে । এই সংসাৰত তেওঁ জ্যেষ্ঠ ভগ্নী মথুৰাপুৰ উচ্চতৰ মাঃ বিদ্যালয়ৰ অধ্যক্ষা ড’ গীতিমণি হাতীকাকতি সহ পাঁচজন জ্যেষ্ঠ ভাতৃ আৰু তিনিগৰাকী জ্যেষ্ঠা ভগ্নীক এই সংসাসৰত এৰি থৈ গৈছে । 


