নিউজ ডেক্স,১৫ ফেব্ৰুৱাৰী,২০২৩: নাজিৰা মহকুমাৰ মহকুমাধিপতি তথা মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আয়ুষী জৈনৰ অধ্যক্ষতাত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।উক্ত সভাত নাজিৰা মহকুমা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগ সমূহে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মোকাবিলা কৰিব পৰাকৈ লব লগা কাৰ্যব্যৱস্থাৰ পূৰ্বপ্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় । মহকুমাধিপতিয়ে বানপানী, ধুমুহা আদিৰ সময়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগক আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বীজাণুনাশক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে শক্তি বিভাগক বানপানীত বুৰ যোৱাৰ সম্ভাৱনা থকা অঞ্চল সমূহত বিশেষ দৃষ্টি ৰাখিবলৈ কয়৷ এনে অঞ্চলৰ ট্ৰেছফৰ্মাৰ বা বৈদ্যুতিক তাৰ সমূহ ওখ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ উক্ত সভাতে তেওঁ নিৰ্দেশ দিয়ে। স্বাস্থ্য বিভাগক তৎকালীন সঁহাৰি দল সাজু ৰাখিবলৈ তথা আশ্ৰয় শিবিৰ সমূহত আবাসী সকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষণ তথা চিকিৎসা সেৱা প্ৰদানৰ দিশত তৎকালীন ভাবে প্ৰয়োজনীয় সা সৰঞ্জাম আৰু ঔষধৰ ব্যৱস্থা মজুত ৰখাৰ আহ্বান জনায়।আনহাতে মহকুমাটোৰ পশুপালন আৰু পশু চিকিৎসা বিভাগক পোহনীয়া জীৱ-জন্তুৰ বিভাগীয়ভাৱে জৰীপ চলাই বানপানীৰ সময়ত জীৱ-জন্তু সমূহক সুৰক্ষিত তথা ওখ স্থানত স্থানান্তৰিত কৰিবলৈ আৰু পৰ্যাপ্ত পশুখাদ্য যোগান আৰু মজুতকৰণ সুনিশ্চিত কৰিবলৈ কয়। কৃষি বিভাগৰ বিষয়া সকলক বানপানীত নষ্ট হোৱা শস্যৰ ক্ষতিপূৰণ লাভৰ বাবে খেতিয়ক সকলৰ মাজত ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে। তেখেতে নাজিৰা মহকুমা অন্তৰ্গত ৰাজহ চক্ৰ সমূহত তৎকালীন চক্ৰ সঁহাৰি দল সমূহ গঠন কৰাৰ লগতে সদস্য সকলৰ উপযুক্ত প্ৰশিক্ষণৰ উপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
সংশ্লিষ্ট সকলো বিভাগকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ তেখেতে উক্ত সভাত আহ্বান জনায়। ইয়াৰোপৰি মহকুমাধিপতিয়ে উক্ত সভাত কয় যে “বানপানী মুক্ত” অভিযানৰ অধীনত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ক্ৰমে ১৪টা আৰু ১৩ টা নলাৰ খনন তথা চাফাই কাৰ্য্য ইতিমধ্যে সম্পন্ন কৰা হৈছে।


