নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ : ভাৰতীয় ক্ৰিকেট দলে তিনিওটা ফৰ্মেটতে আই চি চি ৰেংকিঙৰ শীৰ্ষস্থানত আৰোহণ কৰিছে
আাই চি চি ৰ শেহতীয়া ৰেংকিঙ অনুসৰি টেষ্ট, এদিনীয়া, আৰু টি-২০ত ভাৰতে ক্ৰমে ১৫, ১১৪, আৰু ২৬৭ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত আছে।এই কৃতিত্ব অৰ্জন কৰা এছিয়াৰ প্ৰথমটো দল হিচাপেও পৰিগণিত হৈছে ভাৰত।এইদৰে দক্ষিণ আফ্ৰিকাৰ পিছত একেসময়তে আইচিচিৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰা দ্বিতীয়টো দলত পৰিণত হৈছে ভাৰত। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেৱল দক্ষিণ আফ্ৰিকাই ২০১৪ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

