নিউজ ডেক্স,১৬ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : যোৱা বুধবাৰে আইচিচি ৰেংকিঙত প্ৰথমবাৰৰ ভাৰত টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানলৈ উন্নীত হোৱাৰ কথা ঘোষণা কৰা হৈছিল৷ ইয়াৰ আগতে ক্ৰিকেটৰ আন দুটা সংস্কৰণত ভাৰত এক নম্বৰ দল আছিল। অৰ্থাত্, ভাৰত একে সময়তে তিনিটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত উপনীত হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়।
আইচিচিয়ে এক বিবৃতিত কয়, “২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত এক চমু কাৰিকৰী বিজুতিৰ বাবে ভাৰতক আইচিচি ৱেবছাইটত এক নম্বৰ দল হিচাপে দেখুওৱা হৈছে। এনে ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰিছো।”
সংশোধিত ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়া এতিয়াও টেষ্ট ৰেংকিঙৰ শীৰ্ষত আছে।
বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ তিনিওটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত থকা একমাত্ৰ দল হিচাপে অভিলেখ এতিয়াও অটুত আছে৷ 

