নিউজ ডেক্স, ১৭ ফ্ৰেব্ৰুৱাৰী ২০২৩ : পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ৫ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হৈছে মহাশিৱৰাত্ৰি৷ আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ’লমুখ চাৰিআলিত আনুষ্ঠানিক ভাবে শিৱৰাত্ৰিমেলা উদ্ধোধন কৰাৰ পিছত ১৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱাৰ পৰাই শিৱদ’লত শিৱপূজা আৰম্ভ হব৷ শিৱৰাত্ৰিক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিবেশ৷ শিৱমেলাৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা শতাধিক ব্যৱসায়ীৰ
আগমণ ঘটাৰ লগতে শিৱৰাত্ৰি অংশ গ্ৰহণৰ বাবে বহু সংখ্যক সাধু সন্যাসী আৰু পৰ্যটক শিৱসাগৰত উপস্থিত হোৱা দেখা গৈছে৷ ২১ নবেম্বৰত খাতনামা শিল্পী অনুৰাধা পাড়োৱালে “সত্যম শিৱম সুন্দৰম” শীৰ্ষক সংগীতানুষ্ঠানত ভাগ লব৷

