নিউজ ডেক্স,২০ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : নাজিৰা মেচাগড়ৰৰ এগৰাকী বোৱাৰীৰ বিশেষ সফলতা ।ইচ্ছা কৰিলে নাৰীয়ে কি কৰিব নোৱাৰে ! আজিৰ নাৰীয়ে পুৰুষৰ সমানেই খোজ মিলাই আগবাঢ়িব পাৰে, নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। জীৱনৰ ঘাট-প্ৰতিঘাট, সাংসাৰিক সমস্যাকে ধৰি জীৱনলৈ অহা হাজাৰটা ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বান নেওচি আজিৰ নাৰীয়ে সকলো ক্ষেত্ৰতে নিজকে প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক ক’ব খুজিছো তেনে এগৰাকী নাৰীৰ বিশেষ সফলতাৰ কিছু কথা। এই গৰাকী মহিলা হৈছে নাজিৰাৰ মেচাগড়ৰ বোৱাৰী পিংকিমণি গগৈ বৰগোঁহাই। বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো তথা সন্তান থকাৰ পাছতো এই গৰাকী বোৱাৰীয়ে আজি স্ব- প্ৰতিভাৰে উজ্বলি উঠিছে। উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞম নেচনেল মাষ্টাৰ গেইমছত তিনিটাকৈ পদক অৰ্জন কৰি নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠিত হোৱা খেল খনত প্ৰতিনিধিত্ব কৰা প্ৰায় ২৩ খন ৰাজ্যৰ ভিতৰত অসমৰ এইগৰাকী বোৱাৰী সৰ্বমুঠ ৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত 100 মিটাৰ দৌৰত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে লং জাম্প আৰু হাই জাম্পত ক্ৰমে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :


ইচ্ছা কৰিলে নাৰীয়ে কি কৰিব নোৱাৰে ! আজিৰ নাৰীয়ে পুৰুষৰ সমানেই খোজ মিলাই আগবাঢ়িব পাৰে, নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। জীৱনৰ ঘাট-প্ৰতিঘাট, সাংসাৰিক সমস্যাকে ধৰি জীৱনলৈ অহা হাজাৰটা ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বান নেওচি আজিৰ নাৰীয়ে সকলো ক্ষেত্ৰতে নিজকে প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক ক’ব খুজিছো তেনে এগৰাকী নাৰীৰ বিশেষ সফলতাৰ কিছু কথা। এই গৰাকী মহিলা হৈছে নাজিৰাৰ মেচাগড়ৰ বোৱাৰী পিংকিমণি গগৈ বৰগোঁহাই। বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো তথা সন্তান থকাৰ পাছতো এই গৰাকী বোৱাৰীয়ে আজি স্ব- প্ৰতিভাৰে উজ্বলি উঠিছে। উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞম নেচনেল মাষ্টাৰ গেইমছত তিনিটাকৈ পদক অৰ্জন কৰি নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠিত হোৱা খেল খনত প্ৰতিনিধিত্ব কৰা প্ৰায় ২৩ খন ৰাজ্যৰ ভিতৰত অসমৰ এইগৰাকী বোৱাৰী সৰ্বমুঠ ৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত 100 মিটাৰ দৌৰত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে লং জাম্প আৰু হাই জাম্পত ক্ৰমে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ।