নিউজ ডেক্স, ২২ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : শিৱসাগৰৰ নিতাইপুখুৰী পৰা AS04X5460নম্বৰৰ এখন স্কুটী লৈ আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি নাজিৰাৰ যান বাহন আৰক্ষী বিষয়া হৰদেৱ সিঙে আটক কৰে নিতাইপুখুৰীৰ অংকুৰ গগৈ নামৰ এজন যুৱকক।
স্কুটীখনত দুজন যুৱক উঠি আহিছিল যদিও আনজন যুৱক ঘটনাস্থলীৰ পৰা পলায়ন কৰে
আটকাধীন যুৱকজনৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

