নিউজ ডেক্স, ২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৩: নাজিৰাৰ শিমলুগুৰিত যোৱা নিশা সংঘটিত হৈছে এক গাড়ী চুৰি ঘটনা। প্ৰণৱ সন্দিকৈ নামৰ এজন ব্যক্তিৰ এখন বলেৰ বাহনখন যোৱা নিশা তেওঁৰ ভাড়া ঘৰৰ পৰা চুৰি হয়। পুৱা প্ৰায় ৫ মান বজাত তেওঁৰ পৰিয়ালে যেতিয়া শুৱা পাটি এৰি বাহিৰলৈ আহে তেতিয়া তেওঁলোকে পূৰ্বৰ গাড়ী ৰখাই থোৱা স্থানত গাড়ী খন দেখা নাপাই স্বাভাৱিকতে শংকিত হৈ উঠে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ লগতে প্ৰণৱ সন্দিকৈয়ে গাড়ী খনৰ অনুসন্ধান কৰি কোনো সন্ধান নোপোৱাত শিমলুগুৰি আৰক্ষীৰ কাষ চাপে । চুৰি হোৱা বলেৰ খনৰ নম্বৰ হৈছে AS 04 1ED4864 । শিমলুগুৰি আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত যদিও তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানৰ লৈকে কোনো চোৰক কৰাক্ত কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু লক্ষ্যণীয় বিষয় হল যে আজি কিছু দিন আগতে এই একেটা ভাড়াঘৰৰ একেজন ব্যক্তিৰ ৰূমৰ পৰাই চুৰি হৈছিল প্ৰায় ১০ লাখ টকাৰ সোণৰ আা-অলংকাৰ।
নাজিৰাৰ শিমলুগুৰিত সংঘটিত এনে ঘটনাই এতিয়া স্বাভাৱিকতে সমগ্ৰ নগৰ খনৰ লোককে চিন্তিত কৰি তোলাৰ লগতে স্থানীয় জনসাধাৰন নিৰাপত্তাহীনতাত ভূগা পৰিলক্ষিত হৈছে ।


