নিউজ ডেস্ক , ২৫ ফ্ৰেব্ৰুৱাৰী,২০২৩ : অনামিকা বৰা নামৰ এগৰাকী ছাত্ৰীৰ এটা ফেচবুক প’ষ্টে পুনৰ এবাৰ আলোকিত কৰিছে অসমীয়া জনজীৱন৷ অগ্নিগৰ্ভা ঐতিহাসিক অসম আন্দোলনৰ সময় অৰ্থাৎ ১৯৭৯ চনৰ কথা।
অগ্নিগৰ্ভা হৈ পৰা তেতিয়াৰ অসমখনত নিদ্ৰা হৰণ হৈছিল বহু পৰিয়ালৰ। জীৱনৰ তাড়নাত বহুতো পৰিয়ালে আত্মগোপন কৰিবলগীয়া হৈছিল।সেই সময়তে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰা নামৰ লোকজনৰ ঘৰত আশ্ৰয় বিচাৰি আহিছিল অঞ্চলটোত সৰু সৰু বেপাৰ-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে।যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰা মুছলমান লোক কেইজনৰ মাজত আছিল মংগল শ্বেখো।নিশাটো বৰাৰ ঘৰতে পাৰ কৰাৰ পিছত পুৱতি নিশাই মুছলমান লোক কেইজনক কেনেবাকৈ কপিলী নৈ পাৰ কৰাই থৈ আহিছিল গৃহস্থ যোগেন্দ্ৰনাথ বৰাই।সেই সময়তে হাতত পইচা নথকা মংগল শ্বেখে বৰাৰ পৰা ধাৰলৈ বিচাৰিছিল ১০ টকা। মানৱদৰদী সেই ব্যক্তিজনৰ বাবেই তেতিয়াৰ বিপন্ন সময়ত জীৱন ৰক্ষা পৰিছিল মংগল শ্বেখ আৰু অন্য লোক কেইজনলোকৰ ৷ আজি সেই ঘটনাৰ ৪৪ বছৰ হ’ল আৰু যোগেন্দ্ৰনাথ বৰাৰো ইতিমধ্যে মৃত্যু হ’ল৷
বৰ্তমান বটদ্ৰৱাৰ স্থায়ী বাসিন্দা মংগলশ্বেখৰ বয়স এতিয়া ৮৫ বছৰ।কিন্তু ১৯৭৯ চনৰ সেই ঘটনা এতিয়াও মনত আছে মংগল শ্বেখৰ। মনত আছে যোগেন্দ্ৰনাথ বৰাই কৰা সহায়ৰ কথাও।যাৰ বাবে বছৰ বছৰ ধৰি তেওঁ ধাৰলৈ লোৱা ১০ টকাটো ওভতাই দিবলৈ উচপিচাই আছিল মংগল শ্বেখ। কাৰণ- ইছলমানত ধাৰ খোৱাটো পাপ!সেয়ে সুদীৰ্ঘ ৪৪ বছৰ পিছত হাতত ১০ হাজাৰ টকা লৈ তেওঁৰ একালৰ আশ্ৰয়দাতা যোগেন্দ্ৰনাথক বিচাৰি কামৰুপৰ মুগাছুঙীয়া গাঁৱত উপস্থিত হ’ল মংগল শ্বেখ।কিন্তু আহি তেওঁ জানিব পাৰিলে যে যোগেন্দ্ৰনাথ বৰা এতিয়া আৰু এই সংসাৰত নাই। এতিয়া সেই ঘৰটোৰ মুৰব্বী বৰাৰ পুত্ৰ নগেন বৰা।মংগল শ্বেখে নগেন বৰাৰ হাততে ধাৰলৈ লোৱা ১০ টকাৰ সৈতে সুদে-মূলে ১০ হাজাৰ টকা গতাই দিব বিচাৰিলে। তেওঁ ক’লে- তেওঁ যদি এই ধাৰ পৰিশোধ নকৰে, তেন্তে তেওঁৰ মৃত্যুৰ পিছতো কোনেও জানাজাত অংশ নল’ব।মংগল শ্বেখৰ এনে মানৱীয় চিন্তা আৰু সহজ মনটোলৈ চাই অৱশেষত যোগেন্দ্ৰনাথ বৰাই ধাৰলৈ দিয়া ১০ টকাটোৱেই গ্ৰহণ কৰি বাকী টকাখিনি ঘূৰাই দিলে নগেন বৰাই।নগেন বৰাৰ হাতত ১০ টকাটো তুলি দি বাৰান্দাত বহি একাপ চাহ খাই পুনৰ ঘৰমুৱা হয় মংগল শ্বেখ। যোৱাৰ পৰত তেওঁ ইমান বছৰে বুকুত বান্ধি লৈ ফুৰা ধাৰৰ বোজাটোও যেন 

আঁজৰাই থৈ যায়।
মানৱতাবোধৰ এই হৃদয়স্পৰ্শী কাহিনীটো যোগেন্দ্ৰনাথ বৰাৰ নাতিনী অনামিকা বৰাই সামাজিক মাধ্যমত প’ষ্ট কৰাৰ লগে লগেই ভাইৰেল হৈ পৰে ৷ সকলোৰে জ্ঞাতাৰ্থে অনামিকা বৰাৰ ফেচবুক প’ষ্টটো হুবহু তুলি ধৰা হ’ল ——“ আজি ঘৰৰপৰা University লৈ আহিব ওলোৱাৰ ঠিক আগমূহুৰ্তত ঘটা এক ঘটনাই আচৰিত কৰিলে। তেতিয়া সময় ৰাতিপুৱা ৯:৩০ বাজিছিল; ঘৰৰপৰা গুৱাহাটীলৈ উভতি অহাৰ সময়খিনিত সদায় মনতো অথিৰ- অবিৰ হয় । আপোন মানুহখিনিক এৰি আহিবলৈ অলপো মন নাযায়; কিন্তু মনৰ মাজত কঢ়িয়াই লৈ ফুৰা অযুত সপোনক নতুন দিগন্তৰ দিশে আগবঢ়ায় নিয়াৰ স্বাৰ্থত আহিব লগা হয়। আমি সকলোৱে ঘৰৰ আগফালৰ বাৰান্দাত বহি Kampur Town লৈ যোৱা গাড়ীলৈ বাট চাই আছিলোঁ; তেনেতে এজন বয়সীয়াল ( আনুমানিক ৮৫ বছৰ)মুছলমান সম্প্ৰদায়ৰ লোক আমাৰ ঘৰলৈ আহিল। দেউতা মানুহজনৰ সৈতে পিছফালৰ বাৰান্দাত গৈ বহিল। লগে লগে মা দেউতাৰ কাষলৈ গ’ল। কিছুসময়ৰ পিছতে মা মোৰ কাষলৈ আহিল; মাৰ চকুযোৰ সেমেকি আছিল। মায়ে ক’লে যে মানুহজনে হেনো আজিৰ পৰা ৪৫ বছৰৰ আগতে আমাৰ ককাৰ পৰা ১০ টকা ধাৰ লৈছিল। কিন্তু তেওঁ ককাক ১০ টকা ঘূৰাই দিয়া নাছিল। সেয়া ১৯৭৯ চনৰ আন্দোলনৰ সময় আছিল। তেওঁ সেই সময়ত নিজ বাসস্থান ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু নগাঁও জিলাৰ বৰদোৱাত থাকিবলৈ লৈছিল। আজি ৰাতিপুৱাই তেওঁ বৰদোৱাৰ পৰা আমাৰ ঘৰলৈ ১০,০০০ টকালৈ আহিছে, দেউতাক ক’লে , “বাপু ১০ টকাৰ ৪৫ বছৰৰ সুত হিচাপ কৰিলে লাখ টকা হ’ব। তুমি এই ১০,০০০ টকাকে ৰাখা আৰু মোক ধাৰৰ পৰা মুক্তি দিয়া।”দেউতায়ে তেখেতৰ কৰ্তব্যবোধৰ প্ৰতি সন্মান জনাই এই টকাখিনি আল্লাহৰ নামত মছজিদলৈ আগবঢ়াবলৈ অনুৰোধ কৰে। কিন্তু তেখেতে জনাই যে এই পইচা মছজিদত গ্ৰহণ নকৰে আৰু তেওঁ ধাৰ মুক্ত নহ’লে মৃত্যুৰ পিছত তেওঁৰ অন্তিম ক্ৰিয়াত কোনোও ভাগ নল’ব। সেয়ে দেউতাই তেখেতৰ প্ৰতি সন্মান জনাই ১০ টকা গ্ৰহণ কৰে আৰু সুত পৰিশোধ কৰিব নালাগে বুলি কৰজোৰে প্ৰাৰ্থনা কৰে। মাৰ মুখৰ পৰা কথাখিনি শুনি তেওঁলোকৰ কাষলৈ গ’লো আৰু তেখেতক ককা বুলি সম্বোধন কৰি তেওঁৰ পবিত্ৰ চৰণ স্পৰ্শ কৰি আঁঠুলৈ সেৱা ল’লো; লগতে চাহ একাপ খাই যাবলৈ অনুৰোধ জনালো। দেউতাই সেই ১০ টকাতো মোৰ হাতত দি মন্দিৰত মোৰ স্বৰ্গীয় ককাৰ নামত সেৱা কৰি দান কৰিব ক’লে। গাড়ীখন অহাত লৰা – লৰিকৈ আহি গাড়ীত বহি গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰালোঁ। আধুনিকতাৰ পৰসত ক্ৰমে বস্তুবাদীৰ দিশে ধাৱিত হোৱা সমাজখনত এনে সহজ- সৰল, নিভাঁজ , চহা, দায়বদ্ধতাৰ প্ৰতি সচেতন ব্যক্তিজনে সঁচা অৰ্থত , কৰ্তব্যবোধ কি? সেই পাঠ আমাক পঢ়াই গ’ল।” চাব্বাছ মংগল শ্বেখ, চাব্বাছ অনামিকা৷

