নিউজ ডেক্স,২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰ জিলাৰ বেতবাৰীৰ বাকচুৰ কোঁচ গাঁও,কোঁৱৰ গাঁও,খেলুৱা গাঁও,দুৱৰী গাঁও,খেলুৱা কৈৱৰ্ত্ত গাঁও,মাউত মৌপিয়া গাঁও,শ্ৰীশ্ৰী কাৱৈমাৰি সত্ৰ,শ্ৰীশ্ৰী সাউদকুছি সত্ৰ আৰু শ্ৰীশ্ৰী আদ্যগজলা কোৰেখনা সত্ৰৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ধিতাইপুখুৰীৰ বাকচু কোঁচগাঁৱৰ সৰুবিল খেলপথাৰ তথা বৃন্দাবন ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অহা ২৪,২৫আৰু২৬মাৰ্চত বাকচু অনুস্থিত কৰিবলৈ লোৱা হৈছে ভাগৱত ব্যাখ্যা মহোৎসৱ।এই ভাগৱত ব্যাখ্যা মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় বাকচু কোঁচ গাঁৱৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত।এই লাইখুঁটা স্থাপন কাৰ্য্যসূচীৰ লাইখুঁটা স্থাপন কৰে সাউদকুছি সত্ৰৰ নামঘৰ পৰিচালনা সমিতিৰ হৰি মহন্ত,লগতে বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক জয়জ্যোতি গগৈ,অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি শইকীয়া।এই লাইখুঁটা স্থাপন অনুষ্ঠানতে স্থানীয় শিল্পীৰ দ্বাৰা বৰগীত পৰিৱেশন,মহিলাসকলৰ দিহানাম পৰিৱেশনৰে আপ্লুত কৰি তোলে উপস্থিত ভক্তপ্ৰাণ ৰাইজক।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হ’ব লগীয়া এই ভাগৱত ব্যাখ্যা মহোৎসৱত প্ৰথমদিনা উদ্বোধক হিচাপে উপস্থিত থাকিব মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ।জৰ্নাদন দেৱ গোস্বামী,দ্বিতীয় দিনা অনুস্থিত হ’বলগীয়া শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ তাৎপৰ্যৰ ওপৰত কৰিবলগীয়া আলোচনাত আলোচক হিচাপে উপস্থিত থাকিব শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী।তৃতীয় দিনা এই ভাগৱত বাখ্যা মহোৎসৱৰ আলোচক হিচাপে উপস্থিত থাকিব বিটিআৰ টেঙাঝাৰৰ শ্ৰীশ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ,ভাগৱত ৰসসিন্ধু ৰিজু পাঠক মহন্ত।তৃতীয় দিনা নিশালৈ বাকচুৰ পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব “ভীষ্মৰ শৰশৰ্য্যা”শীৰ্ষক এখন ভাওনা।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

