নিউজ ডেক্স,২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : শিৱসাগৰ জিলাৰ বেতবাৰীৰ বাকচুৰ কোঁচ গাঁও,কোঁৱৰ গাঁও,খেলুৱা গাঁও,দুৱৰী গাঁও,খেলুৱা কৈৱৰ্ত্ত গাঁও,মাউত মৌপিয়া গাঁও,শ্ৰীশ্ৰী কাৱৈমাৰি সত্ৰ,শ্ৰীশ্ৰী সাউদকুছি সত্ৰ আৰু শ্ৰীশ্ৰী আদ্যগজলা কোৰেখনা সত্ৰৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ধিতাইপুখুৰীৰ বাকচু কোঁচগাঁৱৰ সৰুবিল খেলপথাৰ তথা বৃন্দাবন ক্ষেত্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অহা ২৪,২৫আৰু২৬মাৰ্চত বাকচু অনুস্থিত কৰিবলৈ লোৱা হৈছে ভাগৱত ব্যাখ্যা মহোৎসৱ।এই ভাগৱত ব্যাখ্যা মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় বাকচু কোঁচ গাঁৱৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত।এই লাইখুঁটা স্থাপন কাৰ্য্যসূচীৰ লাইখুঁটা স্থাপন কৰে সাউদকুছি সত্ৰৰ নামঘৰ পৰিচালনা সমিতিৰ হৰি মহন্ত,লগতে বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক জয়জ্যোতি গগৈ,অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি শইকীয়া।এই লাইখুঁটা স্থাপন অনুষ্ঠানতে স্থানীয় শিল্পীৰ দ্বাৰা বৰগীত পৰিৱেশন,মহিলাসকলৰ দিহানাম পৰিৱেশনৰে আপ্লুত কৰি তোলে উপস্থিত ভক্তপ্ৰাণ ৰাইজক।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হ’ব লগীয়া এই ভাগৱত ব্যাখ্যা মহোৎসৱত প্ৰথমদিনা উদ্বোধক হিচাপে উপস্থিত থাকিব মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ।জৰ্নাদন দেৱ গোস্বামী,দ্বিতীয় দিনা অনুস্থিত হ’বলগীয়া শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ তাৎপৰ্যৰ ওপৰত কৰিবলগীয়া আলোচনাত আলোচক হিচাপে উপস্থিত থাকিব শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী।তৃতীয় দিনা এই ভাগৱত বাখ্যা মহোৎসৱৰ আলোচক হিচাপে উপস্থিত থাকিব বিটিআৰ টেঙাঝাৰৰ শ্ৰীশ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ,ভাগৱত ৰসসিন্ধু ৰিজু পাঠক মহন্ত।তৃতীয় দিনা নিশালৈ বাকচুৰ পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব “ভীষ্মৰ শৰশৰ্য্যা”শীৰ্ষক এখন ভাওনা।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

