নিউজ ডেক্স, ৩ মাৰ্চ,২০২৩ : আজিৰে পৰা ৰাজ্যত নতুন শিক্ষা নীতিৰে আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ২,২৮,১২০ গৰাকী ছাত্ৰী।
এইবাৰ বৰপেটা জিলাত সৰ্বাধিত ২৭,৬৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। মুখ্য বিষয় চাৰিটা- গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ দুটা খণ্ডৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।বিগত বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিছু পৃথক৷ পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰৰ প্ৰশ্নকাকতো কিছু পৃথক ,কিয়নো চাৰি বিষয়ত ৪৫ নম্বৰ হ’ব অৱজেক্টটিভ৷ অৱজেক্টটিভ প্ৰশ্নৰ
বাবে আছে সুকীয়া উত্তৰ বহী৷

