নিউজ ডেক্স, ১০ মাৰ্চ,২০২৩ : শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত যোৱা ৮ মাৰ্চত শিৱসাগৰ যুৱদলত জিলা ভিত্তিত ইংৰাজী ভাষাত আয়োজিত ’’ প্ৰাদেশিক ভাষাৰ শিক্ষা ইংৰাজীত যোগাযোগৰ অন্তৰায় নহয়“ শীৰ্ষক বিষয়ৰ তৰ্ক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ফুলেশ্বৰী উঃ মাঃ বালিকা বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মিছ ৰজদা আফিফা হানুমে সাৱলীল ভাবে ইংৰাজী ভাষাত আগবঢ়োৱা বক্তব্যত মুগ্ধ হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত গৌৰৱেৰে এই কথা প্ৰচাৰ কৰে৷
উল্লেখ্য যে উক্ত বিদ্যালয়ৰে শিক্ষক তথা এসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক প্ৰশান্ত শৰ্মাৰ তত্বাৱধানত ইংৰাজী কথন শিল্পত বিশেষ পাৰদৰ্শিতা লাভ কৰা ৰজদা আফিফা হানুমৰ ভাইৰেল ভিডিঅ’ই ৰাজ্যখনৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক উচ্ছসিত কৰি তুলিছে৷


