নিউজ ডেক্স, ১৯ মাৰ্চ,২০২৩ : বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ৰাজ্যৰ সহস্ৰাধিক ঢুলীয়া-নাচনী l অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমৰ প্ৰতিখন জিলাৰ পৰা সাজু হৈছে শতাধিক বিহুৱা বিহুৱতী৷ অংশগ্ৰহণ কাৰী প্ৰতিজন বিহুৱা বিহুৱতীক চৰকাৰে ১০৫০০/টকা প্ৰদান কৰিব ৷ ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা ভিত্তিত আৰু ৯-১২ এপ্ৰিললৈ গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয় ভাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিগৰাকী বিহুৱা বিহুৱতীয়ে ব্যক্তিগত ভাবেও লাভ কৰিব গিণিজ বিশ্ব ৰেকৰ্ডৰ প্ৰমাণপত্ৰ৷
১৪ এপ্ৰিলত অৰ্থাৎ গৰু বিহুৰ দিনা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে গুৱাহাটীত এই বিহু প্ৰদৰ্শন কৰা হ’ব ৷
বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশিক্ষণত ব্যস্ত হাজাৰ হাজাৰ বিহুৱা বিহুৱতী ৷












