নিউজ ডেক্স, ১৯ মাৰ্চ,২০২৩ :নাজিৰা মাদুৰিৰ জয়মতীৰ জন্মস্থানতেই ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ। প্ৰাথমিক পৰ্য্যায়ত ৪কোটিটকাৰ ব্যয়ৰে নিৰ্মাণ কৰিব লগা জয়মতীৰ স্মৃতি ক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিব ২৮ মাৰ্চত মন্ত্ৰী পিযুষ হাজৰিকাই।১৩ বিঘাকৈ মাটিত মহীয়সী জয়মতীৰ স্মৃতি ক্ষেত্ৰত নিৰ্মাণ হ’ব। এই জয়মতীৰ স্মৃতি ক্ষেত্ৰ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব নাজিৰাৰ ঐতিহাসিক মাদুৰিত।আজি এই সন্দৰ্ভত নাজিৰাৰ ঐতিহাসিক মাদুৰি জয়মতী স্মৃতি দিৱস উদ্যাপন স্থলীত অনুস্থিত হয় এখন সংবাদমেল।অহা ২৭আৰু ২৮মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ উদ্যোগত,মাদুৰি জয়া স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি,মেছাগড় ,মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দলসংগঠনৰ সহযোগত উদ্যাপন কৰা হ’ব ৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱস।এই সন্দৰ্ভত আজি নাজিৰাৰ মাদুৰিত জয়মতী স্মৃতি দিৱস উদ্যাপনস্থলীত অনুস্থিত হয় এখন সংবাদমেল।এই সংবাদমেলতেই জয়মতী স্মৃতি দিৱস উদ্যাপনক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানত ৩৪৪খনকৈ পতাকা উত্তোলন কৰাৰ লগতে ৩৪৪গৰাকীকৈ মহিলাই পৰিৱেশন কৰিব সমবেত সংগীত।ইয়াৰ উপৰিও এই অনুষ্ঠানতেই অনুস্থিত হ’ব ৰাজ্যিক ভিত্তিত জয়মতী নাটক প্ৰতিযোগিতাৰ লগতে ৰাজ্যিক ভিত্তিত অনুস্থিত হ’ব বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুস্থিত হ’ব।অসম বুৰঞ্জীৰ পাতত সোণালী আখৰে লিপিবদ্ধ হৈ থকা মহীয়সী জয়মতীৰ স্মৃতিক্ষেত্ৰ এইবাৰ স্থাপন কৰিব ৰাজ্য চৰকাৰে আৰু এই জয়মতী স্মৃতিক্ষেত্ৰ স্থাপন কৰিব নাজিৰাৰ ঐতিহাসিক মাদুৰিত। ইয়াৰ দ্বাৰা অসমীয়া জাতিৰ এক দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে আগবাঢ়িছে !অসম চৰকাৰে পাৰম্ভিক পৰ্য্যায়ত ৪কোটিটকা পুঁজিৰে প্ৰায় ১৩বিঘা মাটিত নিৰ্মাণ কৰিব এই জয়মতীৰ স্মৃতিক্ষেত্ৰ।দুদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হ’ব লগীয়া এই অনুষ্ঠানৰ দ্বিতীয়াদিনা অৰ্থাৎ ২৮মাৰ্চত মন্ত্ৰী পীযুষ হাজৰিকাই আধাৰশিলা স্থাপন কৰিব এই জয়মতীৰ স্মৃতিক্ষেত্ৰ।
প্ৰথম গৰাকী মহিয়সী নাৰীৰ প্ৰতীক তথা লাই থেপেনা বৰগোঁহাই আৰু চন্দ্ৰদাৰুৰ জীয়ৰী মহীয়সী জয়মতীৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণক লৈ স্বাভাৱিকতে এতিয়া স্হানীয় ৰাইজ আনন্দিতহৈ পৰিছে৷স্বদেশ আৰু স্বজাতিৰ মঙ্গলৰ অৰ্থে আত্ম বলিদানেৰে অসমীয়া জাতিৰ সৌস্তভ বৃদ্ধি কৰা মহাসতী জয়মতী স্মৃতিক্ষেত্ৰ নাজিৰা মাদুৰিৰ ১৩ বিঘাকৈ মাটিত নিৰ্মাণৰ লগতে অসম চৰকাৰে প্ৰদান কৰা ৪ কোটিকৈ টকাৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব মহীয়সী জয়মতীৰ স্মৃতি স্বৰূপ এটি প্ৰতিমূৰ্তি, টাই বিদ্যালয়,উদ্যান আৰু এটা প্ৰেক্ষাগৃহৰ ৷

