নিউজডেক্স, ১০ এপ্ৰিল, ২০২৩: বিশিষ্ট কমিউনিষ্ট নেতা, প্ৰাক্তন সাংসদ-বিধায়ক, ত্যাগবীৰ দ্ৰুপদ বৰগোহাঁইৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী অনুষ্ঠান সমাজকৰ্মী তথা চিপিআইৰ জেষ্ঠ নেতা চেনীৰাম বৰগোহাঁইৰ সভাপতিত্বত আজি ১০ এপ্ৰিলত শিৱসাগৰ জিলাৰ মাদুৰি লাইথেপেনা মৈদামৰ মুকলি সভাগৃহত অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বৰগোহাঁইৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে চেনীৰাম বৰগোহাঁইয়ে । দ্ৰুপদ বৰগোহাঁইৰ সহধৰ্মিনী অমিয়া বৰগোহাঁই আৰু উপস্থিত ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰে । ইয়াৰ পাছতে দ্ৰুপদ বৰগোহাঁইৰ জীৱন কৃতি তথা কমিউনিষ্ট পাৰ্টি আৰু ৰাজ্যখনলৈ তেখেতে আগবঢ়োৱা অৱদানৰ সম্পৰ্কে আলোকপাত কৰে চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক ধৰ্ম বৰুৱাই ৷ তেওঁলোকে সাম্প্ৰতিক সময়ত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত কমিউনিষ্ট পাৰ্টিৰ দ্বায়িত্ব অতি বেছি বুলি কোৱাৰ লগতে বৰগোহাঁইৰ আধাৰুৱা কামকাজ আগবঢ়াই নিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনাই ৷ তেওঁলোকে কয় যে প্ৰয়াত নেতা জনে অতি কষ্টৰে নিষ্ঠাসহকাৰে আৰু ত্যাগৰ মনোভাৱেৰে সকলো দ্বায়িত্ব সম্পাদন কৰি সমাজৰ বাবে এক নিদৰ্শন দি থৈ গৈছে । বৰগোহাঁইয়ে জনপ্ৰতিনিধি হিচাপে সংসদ আৰু বিধান সভাত জনগণৰ সমস্যা বিলাক সঠিক ভাৱে উপস্থাপন কৰি ইয়াৰ সমাধানৰ বাস্তৱ পদক্ষেপ ল’বলৈ সক্ষম হৈছিল বুলি তেওঁলোকে কয় । অমিয়া বৰগোহাঁই আৰু দ্ৰুপদ বৰগোহাঁইৰ ভাতৃ যজ্ঞেশ্বৰ বৰগোহাঁইয়ে স্মৃতিচাৰণ কৰে ৷
চিপিআইৰ নাজিৰা মহকুমাৰ সম্পাদক যোগেন চেতিয়াই আঁত ধৰা অনুষ্ঠানত দলৰ নেতা মণি বুঢ়াগোঁহাই, ৰোহিত বড়া, নাথু দত্ত, শ্ৰমিক নেতা প্ৰণৱ চেতিয়া, কৃষক নেতা যোগেশ বুঢ়াগোহাঁই, জয়ৰাম কোঁৱৰ, মহিলা নেত্ৰী মল্লিকা বেগম, নমিতা পানীফুকন গগৈ, ৰানু বৰুৱা, আশুতোষ বুঢ়াগোহাঁই, ৰজনী গগৈকে ধৰি বহু দলীয় কৰ্মকৰ্তা আৰু বৰগোহাঁইৰ গুণমুগ্ধ উপস্থিত আছিল ৷