নিউজ ডেক্স,২২ এপ্ৰিল,২০২৩ : সমগ্ৰ বিশ্বৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে আজি নাজিৰাতো উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ উল ফিতৰ। নাজিৰা ঈদগাহ ময়দানত নগৰখনৰ ইছলাম ধৰ্মী লোকসকলে সমূহীয়া ভাবে ঈদৰ নামাজ পঢ়াৰ লগতে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা ভিক্ষা কৰে। ঈদ উপলক্ষে নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে আন বহুজনে শুভেচ্ছা জ্ঞাপন কৰে৷
ঈদ উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠান আশ্ৰয়ৰ তৰফৰ পৰা নাজিৰা ঈদগাহ ময়দানত ২০ জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়:

পবিত্ৰ ঈদৰ দিনাই নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান আশ্ৰয় এনজিঅৰ তৰফৰ পৰা নাজিৰাৰ তিনিটা মছজিদ জামাতৰ মুঠ ২০ গৰাকী লোকক ঈদ উপলক্ষে ঈদগাহ ময়দানত এখনিকৈ চেনেহৰ গামোচাৰে আদৰণি জনায় । উল্লেখযোগ্য যে সুদূৰ অতীতৰ পৰাই শিৱসাগৰ জিলাৰ হিন্দু -মুছলিম লোক সকল একতাৰে বসবাস কৰি আহিছে । এই সাতাম পুৰুষীয়া সম্প্ৰীতিৰ ঐতিহাসিক এনাজৰীৰ একতাৰডোলেৰে আজিও বন্ধনৰত হৈ আছে শিৱসাগৰৰ সমাজ জীৱন৷ এই একতাৰ এনাজৰী আৰু মজবুত কৰাৰ মানসেৰে আশ্ৰয় এনজিঅৰ তৰফৰ পৰা বিগত সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিগত সময়ৰ দৰে এইবাৰো নাজিৰাৰ ঈদগাহ ময়দানত আশ্ৰয় এনজিঅ উপস্থিতহৈ ২০ গৰাকীলোকক ঈদৰ শুভেচ্ছা জনায়। নাজিৰাৰ ঈদগাহ ময়দানত সভাপতি আব্দুৰ ৰহমানে আঁত অনুষ্ঠানত আশ্ৰয় এনজিঅৰ সম্পাদক মুনীন্দ্ৰ নাথ শইকীয়াই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ইয়াত আমি সকলো অসমীয়া আৰু অসমীয়াই ইজনে সিজনক সাৱতা-সাৱতি কৰি একেলগে সম্প্ৰীতিৰে জীয়াই থকাৰ কথা উল্লেখ কৰে । এই অনুষ্ঠানত আশ্ৰয়ৰ উপদেষ্টা ৰাজেন শৰ্মা, অজিত কোঁৱৰ, সম্পাদকদ্বয় মুনীন্দ্ৰ নাথ শইকীয়া, ৰাজেশ কুমাৰ দত্ত আৰু সহসম্পাদক দিগন্ত মহন্ত উপস্থিত থাকে । আশ্ৰয়ৰ এনে কাৰ্যক উপস্থিত ইছলামধৰ্মী লোক সকলে প্ৰশংসা কৰিছে । শেষত সকলোৱে একেলগে চাহ আৰু মিঠাইৰ সোৱাদ লৈ ঈদৰ আনন্দ উপভোগ কৰে ।
