নিউজ ডেক্স,২৫ এপ্ৰিল,২০২৩ : নাজিৰা মহকুমাৰ দহটা চাৰ্কোলৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দুইশতাধিক মহিলাই নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী ।অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰি বৃদ্ধিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে আজিৰ পৰা দুদিনীয়াকৈ নাজিৰা প্ৰকল্প সমিতিয়েও ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী ।পৰিশ্ৰমৰ মূল্যৰ নূন্যতম মাননি দি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক নিজ কৰ্ত্তব্যৰ উপৰিও আন বিভিন্ন চৰকাৰী বিভিন্ন কাম – কাজত নিয়োজিত কৰি আহিছে চৰকাৰে । বিগত বহুদিনৰ পৰা মাননিৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীৰ সম মৰ্যদাৰে মজুৰি প্ৰদানৰ দাবী জনাই আহিছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ


