নিউজ ডেক্স,২৫ এপ্ৰিল,২০২৩ : নাজিৰা মহকুমাৰ দহটা চাৰ্কোলৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দুইশতাধিক মহিলাই নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী ।অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰি বৃদ্ধিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে আজিৰ পৰা দুদিনীয়াকৈ নাজিৰা প্ৰকল্প সমিতিয়েও ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী ।পৰিশ্ৰমৰ মূল্যৰ নূন্যতম মাননি দি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক নিজ কৰ্ত্তব্যৰ উপৰিও আন বিভিন্ন চৰকাৰী বিভিন্ন কাম – কাজত নিয়োজিত কৰি আহিছে চৰকাৰে । বিগত বহুদিনৰ পৰা মাননিৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীৰ সম মৰ্যদাৰে মজুৰি প্ৰদানৰ দাবী জনাই আহিছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :


