নিউজ ডেক্স,২৬ এপ্ৰিল,২০২৩ : নাজিৰা মহকুমাৰ দহটা চাৰ্কোলৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দুইশতাধিক মহিলাই নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী ।
অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰি বৃদ্ধিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে যোৱা কালিৰ পৰা দুদিনীয়াকৈ নাজিৰা প্ৰকল্প সমিতিয়েও ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী ।
পৰিশ্ৰমৰ মূল্যৰ নূন্যতম মাননি দি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক নিজ কৰ্ত্তব্যৰ উপৰিও আন বিভিন্ন চৰকাৰী বিভিন্ন কাম – কাজত নিয়োজিত কৰি আহিছে চৰকাৰে । বিগত বহুদিনৰ পৰা মাননিৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীৰ সম মৰ্যদাৰে মজুৰি প্ৰদানৰ দাবী জনাই আহিছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ।
অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ উদ্যোগত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কৰ্মী সকলৰ সমস্যাসমূহ সমাধানৰ দাবী জনায় নাজিৰাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।


