নিউজ ডেক্স, ২৭ এপ্ৰিল, ২০২৩ : অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বিগত কইবামাহ ধৰি তীব প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷ নাজিৰাৰ পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ , ৱাৰ্ড পাৰিষদ সকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ পৌৰসভাৰ হৈ মঃ মিৰকাছিম আলিয়ে পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ আৰু কনিষ্ঠ অভিযন্তা ইক্ৰামুুদ্দিন আহমেদে পৌৰকৰৰ স্তৰ সনদৰ্ভত ৰাইজক অৱগত কৰে ৷ জেষ্ঠ নাগৰিক প্ৰসাদ সন্দিকৈয়ে পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কৰাৰ লগতে পৌৰসভাই নাগৰিকক প্ৰদান কৰিবলগা নূন্যতম সুবিধাখিনি আজিও প্ৰদান কৰিব নোৱাৰাত আক্ষেপ কৰে৷ যুৱ সংগঠক ৱাছিম আহমেদে এইদৰে ৰাইজক মাধমাৰ শোধাই পৌৰকৰ বৃদ্ধি কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে৷ সভাত নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান, প্ৰাক্তন অধ্যাপক প্ৰভাত বৰঠাকুৰ, সত্যনাৰায়ণ কৰ , মুজিব চৌধুৰী আদি বিভিন্নজনে বক্তব্য ডাঙি ধৰে৷ উক্ত ৰাজহুৱা সভাত উপস্থিত ৰাইজৰ স্বাক্ষৰ গ্ৰহণ নকৰাৰ লগতে সভাৰ কাৰ্যবিবৰণীও নিলিখা কথাই সচেতন ৰাইজক হতবাক কৰি তোলাৰ উপৰিও এয়া ৰাজহুৱা সভাৰ নামত ৰাইজক পৌৰসভাই ভেঙুচালি কৰা বুলিহে বহুলোকে মন্তব্য কৰিছে৷ আনহাতে ৰাজ্যৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘালে পৌৰকৰ বৃদ্ধি কৰা নকৰাটো প্ৰতিখন পৌৰসভাৰ বিচাৰ্য বিষয় বুলি কৰা মন্তব্য সন্দৰ্ভত নাজিৰাৰ পৌৰকৰ্তৃপক্ষ অৱগত নোহোৱা বিষয়টো ৰাইজৰ বাবে এক অবুজ সাথঁৰ হৈ ৰ’ল ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই



