নিউজ ডেক্স; ২৭ এপ্ৰিল, ২০২৩ :- চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বালিজানত অসম চৰকাৰৰ উদ্যোগত এখন আদৰ্শ বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে স্থানীয় ৰাইজ; ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু মাহমৰা বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলৰ লগত এক আনুষ্ঠানিক সভাত মিলিত হয়।
উক্ত সভাত মন্ত্ৰী গৰাকীয়ে আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ পূৰ্বে ৰাইজৰ লগত মত বিনিময় আৰু এক পৰ্যালোচনা সভাত মিলিত হয়।সভাত মাহমৰা বালিজানবাসী ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে শিক্ষাৰ সামগ্ৰিক পৰিবেশ উন্নয়নৰ দিশত এখন আদৰ্শ বিদ্যালয়ৰ ভুমিকা সম্পৰ্কে স্থানীয় ৰাইজ আৰু অভিভাৱক সকলক অৱগত কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে ৰাইজৰ মতামত গ্ৰহণ কৰি আলোচনাৰ মাধ্যমেৰে আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অনাগত দিনত আগবাঢ়ি যোৱাৰ পোষকতা কৰে।ইয়াৰ পূৰ্বে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে আদৰ্শ বিদ্যালয় সন্দৰ্ভত বিস্তিতভাৱে বক্তব্য ৰাখাৰ লগতে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াইও আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা সন্দৰ্ভত বিভিন্ন কাৰিকৰী দিশৰ কথা কয়৷ সভাত মন্ত্ৰী গৰাকীৰ উপৰিও স্থানীয় ৰাইজ আৰু ৰঙাপথাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুমুদ দিহিঙীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সুন্দৰ শৈক্ষিক পৰিবেশ সৃষ্টিৰে শিক্ষাৰ সৰ্বাংগীন উন্নয়ন তথা মানৱ সমাজক প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আদৰ্শ বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে নিজ নিজ বক্তব্য ৰাখে।