নিউজ ডেক্স, ৬ ম’,২০২৩: ভাৰতৰ সাতগৰাকী মহিলা মল্লযুদ্ধ খেলুৱৈক বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে কৰা শাৰীৰিক,মানসিক নিৰ্যাতনৰ বিৰুদ্ধে যোৱা ৫ মে’ত নাজিৰাৰ কলেজ তিনিআলিত হাতে হাতে মমবাতি লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছে।ভাৰতৰ সাতগৰাকী মহিলা মল্লযুদ্ধ খেলুৱৈক বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে কৰা শাৰীৰিক,মানসিক নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰতো প্ৰতিবাদী কাৰ্য্যসূচী চলি থকাৰ সমান্তৰালকৈ ৫ মে’ৰ নিশা নাজিৰাত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ বিষয়ববীয়াই বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ ৰাজপথ।


