নিউজ ডেক্স,১৫ মে’ ২০২৩: শিক্ষা সেতু এপৰ যোগেদি শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত টেবলেট যোগান ধৰাৰ সিদ্ধান্তৰে বিদ্যালয় সমূহলৈ টেবলেট প্ৰেৰণ কৰাৰ পাছতেই চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।
শিক্ষক সন্মিলনীৰ মতে চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নীতকৰণৰ বাবে চৰকাৰৰ এই পদক্ষেপ আদৰণীয়। কিন্তু এই পৰ্টেল চোৱা চিতাৰ দায়িত্ব যিহেতু প্ৰদান শিক্ষকৰ হাতত ন্যস্ত কৰিছে শিক্ষা বিভাগে। কিন্তু শিক্ষা বিভাগে। নিম্ন প্ৰাথমিক বিদ্যালয়ত আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই ৷

শিক্ষক সন্মিলনীৰ মতে চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নীতকৰণৰ বাবে চৰকাৰৰ এই পদক্ষেপ আদৰণীয়। কিন্তু এই পৰ্টেল চোৱা চিতাৰ দায়িত্ব যিহেতু প্ৰদান শিক্ষকৰ হাতত ন্যস্ত কৰিছে শিক্ষা বিভাগে। কিন্তু শিক্ষা বিভাগে। নিম্ন প্ৰাথমিক বিদ্যালয়ত আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই ৷তেনেস্থলত এই টেবলেট কোনে চলাব তাক লৈ বিপাঙত প্ৰাথমিক বিদ্যালয় সমূহ। গতিকে চৰকাৰী এই টেবলেট ২২ মেত কাৰ্যালয়ত ঘূৰাই দিয়াৰ সিদ্ধান্ত সন্মিলনীৰ।
সোমবাৰে নাজিৰাত টেবলেট বা এই ৱেব পৰ্টেল সন্দৰ্ভত শিক্ষা বিভাগে আয়োজিত এক প্ৰশিক্ষণ কাৰ্য্যসূচীত উপস্থিত গৈ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক নেতৃত্বই।
এফলে শিক্ষক সন্মিলনীৰ প্ৰথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ দাবী আৰু আনফালে পৰ্টেলৰ যোগেদি চৰকাৰৰ শিক্ষকক নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা। ইয়াৰ মাজতে বিদ্যালয়ত টেবলেট প্ৰচলনৰ ব্যৱস্থাই কি ৰূপ লয়গৈ সেয়া লক্ষণীয় হব।

