নিউজ ডেক্স,১৬ মে’,২০২৩ : সম্প্ৰতি সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ ৰমৰমীয়া বেহাই নৱ প্ৰজন্মক জীৱন ধ্বংসৰ পথলৈ ঠেলি দিছে । আৰক্ষীয়ে প্ৰায়ে এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই দুই – এক সৰবৰাহকাৰীক. আটক কৰিবলৈ সক্ষম হয় যদিও আইনৰ সুৰুঙাৰে সেইসকলে জামিন লাভ কৰি মুক্ত হৈ পিছত পুনৰ একে কাৰ্যত জড়িত হৈ পৰে । আজি পুৱতি নিশা নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীয়ে নগৰৰ ৩ নং ৱাৰ্ডৰ প্ৰদীপ চাহুৰ ঘৰত অভিযান চলাই ৪ নং ৱাৰ্ডৰ ৰিজুৱান হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১.৪৪ গ্ৰাম হিৰ’ইন , ১২ টা কণ্টেনাৰ আৰু নগদ ৮১০০ টকা সহ সৰবৰাহ কাৰ্যত ব্যৱহাৰ কৰা এ এছ ০৪ জেদ ৯১৮৬ নম্বৰৰ স্কুটিখন জব্দ কৰিবলৈ সক্ষম হয় । ৰিজুৱানে দীৰ্ঘদিন ধৰি নিজা ঘৰৰ পৰিৱৰ্তে সহপাঠী প্ৰদীপ চাহুৰ ঘৰত ড্ৰাগছ সমূহ লুকুৱাই ৰাখি তাৰ পৰাই নাজিৰাৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে । আজি পুৱতি নিশা আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি অভিযান চলাই ৰিজুৱান হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও তেওঁৰ লগত থকা প্ৰদীপ চাহুৰ লগতে আন তিনিজন ড্ৰাগছ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে পলাতক কেউজনকে গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত আছে ।


