নিউজ ডেক্স, ৩ জুন,২০২৩ : অসম চৰকাৰে বিদ্যুৎৰ বিল বৃদ্ধি কৰা সন্দৰ্ভত কেউদিশে চৰ্চা হৈ থকাৰ সময়তে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে বিদ্যুৎ উৎপাদনৰ প্ৰচুৰ সম্ভাৱানা থকা স্বত্বেও মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আনি লাভৰ উপৰত লাভ লৈ ৰাইজক মাধমাৰ শোধাই অহা APDCL এ দেশৰ আন ৰাজ্যৰ তুলনাত অসমত দুগুণ হাৰত আদায় কৰি আছে বিদ্যুৎ মাচুলৰ Fixed charge । জুন মাহৰ পৰা প্ৰতি ইউনিত বিদ্যুৎ ৰ মূল্য ৭০ পইছা কৈ বৃদ্ধি পোৱাতো গ্ৰহণযোগ্য নহয় আৰু সামগ্ৰিক ভাবে সমগ্ৰ বিষয়টো সম্পৰ্কট অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে বিৰোধী দলপতি গৰাকীয়ে ।


