নিউজ ডেক্স, ৫ জুন, ২০২৩ : গেলেকী কমলাবাৰীত বিশ্ব পৰিবেশ দিৱস উদযাপন :দ্বিশতাধিক ভীমকল গছ ৰোপন
নাজিৰাৰ গেলেকীৰ কমলাবাৰীত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। গাৰোপৱন যৌথ বন পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকি ভাষণ প্ৰসঙ্গত পৰিৱেশ উন্নয়ণ আৰু প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সভাত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকি প্লাষ্টিক পুৰ্নব্যৱহাৰৰ বাবে মহকুমা প্ৰশাসনে আৰম্ভ কৰা চাৰ্প কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। কমলাবাৰীৰ মুখ্য প্ৰতিষ্ঠাপক বনবন্ধু নিৰণ গগৈয়ে সভাৰ আদৰণী ভাষণ আগবঢ়ায়। অ’এনজিচিৰ জিএম শান্তনু মেদক, বন বিভাগৰ এচিএফ বুবুল বৰুৱা, গেলেকী চাহ বাগিছাৰ পৰিচালক প্ৰণৱ বৰুৱা, পানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষা সমিতিৰ সভাপতি ঘনশ্যাম গোঁহাই, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ গেলেকী তৈলক্ষেত্ৰৰ কামাণ্ডেণ্ট বিনীত স্নেহীকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অৰণ্যম আৰু গ্ৰীণআৰ্থ নামৰ দুটা এনজিঅ’ আৰু কমলাবাৰী বনভোজ পৰিচালনা সমিতিৰ সহযোগত গাৰোপৱন যৌথ বন পৰিচালনা সমিতিয়ে দুশ জোপা ভীমকলৰ গছ ৰোপন কৰে। কমলাবাৰী বনভোজস্থলী প্লাষ্টিকমুক্ত কৰাৰ বাবে ভীমকল গছৰ পৰা উৎপাদিত পটোৱা আৰু কলপাতে বিশেষ অৰিহনা যোগাব বুলি আশা কৰা হৈছে। শিক্ষা বিভাগৰ গুণোৎসৱত একাদিক্ৰমে চতুৰ্থবাৰৰ বাবে এপ্লাচ গ্ৰেড লাভ কৰা বৰহোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গনেশ কুৰ্মীকো সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটো আঁত ধৰে জিতু গগৈয়ে।আনহাতে চৰাইদেউ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷সমগ্র বিশ্বৰ লগতে আজি চৰাইদেউ জিলাৰ বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ।চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা সোণাৰি পৌৰসভাৰ সহযোগত সোণাৰি নগৰ স্থিত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত বিশ্ব পৰিবেশ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে, পৰিবেশ সংৰক্ষণৰ গুৰুত্ব আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ কুপ্ৰভাৱৰ বিষয়ে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যখনৰ ১০৬ টা স্থানত চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা আৰু বন আৰু পৰিবেশ বিভাগৰ মাধ্যমেৰে বাটৰ নাটৰ আয়োজন কৰিছে। চৰাইদেউ জিলাত এই বাটৰ নাট সোণাৰি আৰু মৰাণ পৌৰসভা এলেকাত পৰিবেশন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ তিনিগৰাকী ছাত্ৰই স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বাবে তেওঁলোকক অভিনন্দন জনাই উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ কয়। তেওঁ সকলোকে প্রকৃতিৰ সৈতে একাত্ম অনুভৱ কৰিবলৈ কয়। তেওঁ কয় যে, গছ-গছনি আমাৰ দ্বিতীয় মাতৃস্বৰূপ ।জন্মদায়িনী মাতৃয়ে যেনেকৈ আমাক খুৱাই-পিন্ধাই ডাঙৰ দীঘল কৰে, ঠিক তেনেদৰে গছ-গছনিয়েও আমাক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্ব আমি সকলোৱে ল’বই লাগিব।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে তেওঁৰ বক্তব্যত কয় যে, বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য সকলোৱে অনুধাৱন কৰা দৰকাৰ। তেওঁ প্লাষ্টিকৰ ব্যবহাৰ হ্ৰাস কৰাৰ বাবে সকলো স্থৰতে সজাগতা বৃদ্ধিৰ পোষকতা কৰে।
অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে, বন ধ্বংসৰ ফলত ক্ৰমান্বয়ে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। তেওঁ কয় যে, পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত যদি আমি আগভাগ নলওঁ তেন্তে মানৱ জাতিৰ ধ্বংস অৱশ্যম্ভাৱী। তেওঁ সকলোকে গছ-পুলি ৰোপণ আৰু প্ৰতিপালন কৰিবলৈ আহ্বান জনায়।
আজি আগবেলা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰে।
অনুষ্ঠানৰ অংশ স্বৰূপে শিল্পী মৃদুল বৰগোঁহাইৰ নেতৃত্বত গঠিত সোণাৰি শিল্পী সন্মিলনৰ দলটিয়ে বাটৰ নাট পৰিবেশন কৰাৰ পিছত উপস্থিত দৰ্শক আৰু ছাত্ৰ- ছাত্ৰীসকলৰ মাজত গছপুলি আৰু সজাগতামূলক পুস্তিকা বিতৰণ কৰা হয়। লগতে অনুষ্ঠানত বিশ্ব পৰিবেশ দিৱস উপলক্ষে শপত বাক্যও পাঠ কৰোৱা হয়। তদুপৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত বিশ্ব পৰিবেশ দিৱস উপলক্ষে চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
আজিৰ অনুষ্ঠানত আৰক্ষী অধীক্ষক যুৱৰাজ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে অভিজিত গগৈ, পলাশ ৰাজকুমাৰ আহোম, মিৰ্জানা হুছেইন, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, উপ পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰবীণ গগৈ, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্ত, সহকাৰী আয়ুক্তসকল ক্ৰমে সমুজ্জ্বল বড়া, ভাস্কৰ জ্যোতি দাস আৰু অঞ্জন জ্যোতি দ’লে, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভক্ত বাহাদুৰ নেৱাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক মণি গগৈ, বিশিষ্ট সমাজকৰ্মী লক্ষ্মী নাথ তাছাৰ লগতে বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰী, গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
চৰাইদেউ জিলাৰ লাকুৱা, মথুইৰাপুৰ আদি বিভিন্ন স্থানতো আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ লাকুৱা জাতীয় বিদ্যালয়তো দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰিবেশ দিৱস৷লাৰুৱা জাতীয় বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপণৰ লগতে ভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ছাত্ৰ ছাত্ৰী সকলৰ মাজত পৰিবেশ সম্পৰ্কীয় অনুষ্ঠান ,কবিতা আবৃতি আৰু ভিন্ন সাংস্কৃতিক অনুষ্ঠনৰো আয়োজন কৰা হয়৷ ইফালে জিলাখনৰ মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়তো চৰাইদেউ প্ৰেছ ক্লাৱৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস৷

