নিউজ ডেক্স, ৭ জুলাই,২০২৩ :
কৃত্ৰিম বানৰ কবলত গেলেকীৰ এখন শতবৰ্ষ অতিক্ৰম কৰা নাজিৰা প্ৰাথমিক বিদ্যালয় ৷বিপদ সংকূল অৱস্থাত অধ্যয়ন কৰে এই বিদ্যালয়ৰ কণ -কণ ছাত্ৰ ছাত্ৰী আৰু শিশু সকল।বৰষুণ দিলেই অভিভাৱক সকল চিন্তিত হৈ পৰে ৷
এই বিদ্যালয়তে অধ্যয়ন কৰা এগৰাকী প্ৰাক্তন ছাত্ৰ তথা অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল হেলিমে অসম চৰকাৰক এই বিদ্যালয় খনৰ প্ৰতি সুদৃষ্টি দিবলৈ আৰু উন্মুক্ত বিদ্যালয় খনৰ চৌহদত পকী বেৰৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনায়।

