নিউজ ডেক্স,৭ জুলাই, ২০২৩ :
অবিভক্ত শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত । প্ৰবল বৰষুণৰ ফলত নামনি অসমৰ সমান্তৰালৈ উজনিৰ বহু জিলাৰ বিভিন্ন অঞ্চল এটিয়া বানৰ কবলত । চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সামান্তৱৰ্তী টেঙাপুখুৰীৰ বহু স্থানত এতিয়া বানৰ তাণ্ডৱ । দিন হাজিৰা কৰি যেনে তেনে পৰিয়াল পোহ পাল দিয়া বহু দৰিদ্ৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ । এটুপি বিশুদ্ধ খোৱাপানী, কেইটামান অন্ন আৰু বাসস্থানৰ লগতে উপযুক্ত অনাময় ব্যৱস্থাৰ বাবে জীয়াতু ভূগিছে এই সমূহ পৰিয়ালে। বানপানীৰ বাবে বিদ্যুতৰ অনিয়মীয়া যোগান লগতে ৰাতিৰ ভাগত মহ-মাখিৰ উপৰ্দ্ৰৱৰ বাবে এক প্ৰকাৰৰ অসহায় অৱস্থাৰ সৃষ্টি হৈছে টেঙাপুখুৰী চোলাধৰা গাৱৰ এই সকল পৰিয়ালৰ মাজত । কিন্তু পৰিতাপৰ বিষয় যে বানপানীৰ এই দুৰ্যোগৰ সময়ত কিন্তু স্থানীয় জনপ্ৰতিনিধি আৰু প্ৰশাসন তথা চৰকাৰী প্ৰতিনিধি সকলৰ কোনো গুৰুত্ব তথা কানষাৰ নাই বাবে জনসাধাৰনৰ মাজত এক প্ৰকাৰৰ অসন্তষ্টিয়ে বিৰাজ কৰিছে।


