নিউজ ডেক্স,১ আগষ্ট;২০২৩ : যোৱা ৩১ জুলাই তাৰিখে নাজিৰাৰ বিশিষ্ট জ্যোতিষী তথা জ্যোতিষ শাস্ত্ৰ বিশাৰদ মৃদুস্মিতা শইকীয়া বৰ্মনৰ অকাল বিয়োগত এক আগষ্ট তাৰিখে নাজিৰা নগৰ নাগৰিক সমিতিৰ সৌজন্যত বিদেহী আত্মাৰ সদগতি কামনাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । বিশিষ্ট নাগৰিক সত্য নাৰায়ণ কৰে আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্ঘ্য নিবেদন ৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে অৱসৰী অধ্যাপক বিমান বৰুৱা ,দিলিপ বৰদলৈ , সমাজ সংগঠক গোপাল বৰুৱা , প্ৰসাদ সন্দিকৈ , চৈয়দ খাইৰুল হাচান , বিমল আগৰৱালা , গুণ গোবিন্দ দত্ত আদি অলেখ গণ্য মান্য নাগৰিকে । অনুষ্ঠানত গুণগ্ৰাহী মহিলা গৰাকীৰ জীৱন দৰ্শনৰ ওপৰতো আলোকপাত কৰি স্মৰণ কৰা হয় । পৰিয়ালৰ তৰফৰ পৰা স্বামী ভূপেন বৰ্মনে সুদীৰ্ঘ যুগ্ম জীৱনৰ বিষয়ে বক্তব্য আগবঢ়াই । তেওঁ ইহ সংসাৰত স্বামী সহ এজন পুত্ৰ এৰি থৈ যায় । মৃত্যুৰ সময়ত বয়স আছিল ৪৩ বছৰ । 
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

