
নিউজ ডেক্স, ১০ অক্টোবৰ,২০২৩ : চলিত বছৰৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ ১৪ অক্টোবৰত হ’ব ৷এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আমেৰিকাৰ অৰেগন উপকূলৰ পৰা টেক্সাছ উপসাগৰীয় উপকূললৈকে বিস্তৃত হ’ব। নাছাৰ মতে বতৰ ফৰকাল হ’লে অৰেগন, নেভাদা, ইউটা, নিউ মেক্সিকো আৰু টেক্সাছৰ লগতে কেলিফৰ্ণিয়া, আইডাহ’, ক’লৰাডো আৰু এৰিজোনাৰ কিছু অংশৰ পৰাও এই আনুলাৰ সূৰ্যগ্ৰহণ দেখা পোৱাৰ লগতে মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰাও দৃশ্যমান হব৷আটলাণ্টিক মহাসাগৰৰ ওপৰত আৰম্ভ হ’বলগীয়া এই সূৰ্যগ্ৰহণৰ গড় সময় আমেৰিকাত ৪ৰ পৰা ৫ মিনিটৰ ভিতৰত হ’ব। এই অগ্নি আঙঠি সদৃশ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব যদিও ভাৰতৰ লগতে আন দেশৰ মানুহে এই সূৰ্যগ্ৰহণ ঘৰৰ পৰাই নাছাৰ সম্প্ৰচাৰত চাব পাৰিব অহা ১৪ অক্টোবৰৰ বিয়লি ৪:৩০ বজাৰ পৰা ৷গুৰুত্বপূৰ্ণ কথা যে এনে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে আবৰি ৰাখে। গতিকে পোনপটীয়াকৈ সূৰ্য্যলৈ চোৱাৰ পৰিৱৰ্তে সূৰ্যগ্ৰহণ চাবলৈ বিশেষ চকুৰ সুৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে। নাছাৰ তথ্য অনুসৰি সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰা এই বিশেষ চশমা সাধাৰণ চশমাতকৈ হাজাৰগুণ ক’লা আৰু এই চশমাবোৰৰ আই এছ অ’ ৰেফাৰেন্স নম্বৰ ১২৩১২-২ হ’ব লাগে।

