
নিউজ ডেক্স, ১২ অক্টোবৰ,২০২৩: উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ বাণিজ্যিক বাণিজ্য কেন্দ্ৰ গুৱাহাটীৰ ফেন্সি বজাৰ অঞ্চলৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে অল ইণ্ডিয়া প্ৰফেচনেলছ কংগ্ৰেছ (এআইপিচি)ৰ, অসমৰ ৰাজ্যিক ইউনিটে। এআইপিচিয়ে এক প্ৰেছ বিবৃতিত কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ফেন্সি বজাৰৰ পুৰণি কাৰাগাৰ কমপ্লেক্সৰ ভিতৰৰ ৩২ বিঘা বাণিজ্যিক ভূমিত উদ্ভিদ উদ্যান স্থাপনৰ সিদ্ধান্তই বহু বিতৰ্কৰ সৃষ্টি কৰিছে। উল্লেখ্য যে২০২৩ চনৰ ১ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে উদ্ভিদ উদ্যানখন। এআইপিচিৰ অসম শাখাৰ সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৌৰৱ সোমানীয়ে কয় যে উদ্ভিদ উদ্যানৰ ধাৰণাটো নিঃসন্দেহে প্ৰশংসনীয় যদিও উন্নয়নৰ বাবে বাছি লোৱা স্থানে বাণিজ্যিক বজাৰৰ মূল্য আৰু সামগ্ৰিক গুৰুত্বৰ প্ৰতি যথেষ্ট ভাবুকি কঢ়িয়াই আনি ঐতিহ্যমণ্ডিত ফেন্সি বজাৰৰ অস্তিত্ব বিপন্ন কৰাৰ আশংকাই দিছে৷ তেওঁলোকৰ মতে“যদি চৰকাৰে স্থানীয় বাসিন্দাসকলৰ বাবে এখন বাগিচা আৰু উদ্যান সৃষ্টি কৰাই মূল উদ্দেশ্য আছিল, তেন্তে কম পৰিমাণে মাটিৰ অংশ আবণ্টন দিব পাৰিলেহেঁতেন। এআইপিচিয়ে কয় যে উন্নয়নৰ ভাৰসাম্য ৰক্ষাৰ বাবে ফেন্সি বজাৰৰ বাণিজ্যিক অস্তিত্বৰ তাৎপৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্কিং, পথৰ যানজঁট, আৰু বজাৰ সম্প্ৰসাৰণৰ জৰুৰী সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে এই অঞ্চলৰ অধিকাংশ মাটি ব্যৱহাৰ কৰা উচিত আছিল আৰু লগতে আন্তঃগাঁথনি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে তেওঁলোকে চৰকাৰক আহ্বান জনাই কয় যে জাবৰ-জোঁথৰৰ সঠিক সংগ্ৰহ, নিয়ন্ত্ৰিত ৰাজহুৱা শৌচাগাৰ, খোৱাপানীৰ সুবিধা, শেহতীয়াকৈ বৃদ্ধি পোৱা নিগনিৰ আক্ৰমণ, যিয়ে ফেন্সি বজাৰৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা সৃষ্টি কৰিছে তাৰ নিৰাময়ৰ বাবে চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বাণিজ্যিক কাৰ্য্যক্ষমতাৰ সন্দৰ্ভত পুৰণি জেল কমপ্লেক্সৰ মাটিখিনি ফেন্সি বজাৰৰ বাণিজ্যিক মূল্য বজাই ৰখাৰ বাবে পৰিকল্পিত ভাবে ব্যৱহাৰ কৰি উক্ত স্থানত ৫০০ৰ পৰা ৭০০খন সৰু দোকানৰ সৈতে এটা কমপ্লেক্স নিৰ্মাণ কৰিলে ইয়াৰ বজাৰৰ মৰ্যাদা ৰক্ষা কৰাই নহয়, স্থানীয় ব্যৱসায়ীসকলৰ বাবেও অসংখ্য সুযোগৰ সৃষ্টি হ’ব। বিজ্ঞপ্তিটোত তেওঁলোকে কয় যে যদি দিল্লীত চান্দনী চক, কলকাতাত বাৰা বজাৰ, ডুবাইত মিনা বজাৰ হ’ব পাৰে, তেন্তে অস্তিত্বত ব্যৱসায়িক গুৰুত্ব থকা গুৱাহাটীত ফেন্সি বজাৰ থকাৰ কি ক্ষতি।আনহাতে ফেন্সি বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰিত কৰাৰ সন্দৰ্ভত এআইপিচিয়ে কয় যে চৰকাৰে সমগ্ৰ পাইকাৰী বজাৰখন ফেন্সি বজাৰ গাল্লা পেটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা চিন্তাৰ কাৰণ। এই পদক্ষেপে লোডিং আৰু আনলোডিঙৰ সময়ত ছিণ্ডিকেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, স্থানীয় ব্যৱসায়ীসকলৰ জীৱিকাত ব্যাঘাত জন্মাব পাৰে আৰু অঞ্চলটোৰ বাণিজ্যিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে ৰুদ্ধ কৰি পেলাব পাৰে।যান-বাহন ব্যৱস্থাপনাৰ বিষয়ে এআইপিচিয়ে কয়, “ফেন্সি বজাৰে বৰ্তমান তীব্ৰ যান-জঁট আৰু পাৰ্কিঙৰ সমস্যাৰ সৈতে যুঁজি আছে। নিয়ম উলংঘাৰ বাবে কেৱল জৰিমনা বিহাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে চৰকাৰে পুৰণি জেল কমপ্লেক্সৰ চাৰিওফালে পথ সম্প্ৰসাৰণক অগ্ৰাধিকাৰ দি সমস্যা সমূহৰ অধিক দীৰ্ঘম্যাদী সমাধান আগবঢ়াব লাগে। ইয়াৰ উপৰিও ৩,০০০ৰ পৰা ৫,০০০ বাহনৰ বাবে বহুস্তৰীয় পাৰ্কিঙৰ সুবিধা থাকিলে অঞ্চলটো বহুখিনি উপকৃত হ’ব।”

