Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » ফেন্সি বজাৰত উদ্ভিদ উদ্যান নিৰ্মাণক লৈ উদ্বেগ প্ৰকাশ এ আই পি চিৰ
    Assam

    ফেন্সি বজাৰত উদ্ভিদ উদ্যান নিৰ্মাণক লৈ উদ্বেগ প্ৰকাশ এ আই পি চিৰ

    newshuntneBy newshuntneOctober 12, 2023No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজ ডেক্স, ১২ অক্টোবৰ,২০২৩: উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ বাণিজ্যিক বাণিজ্য কেন্দ্ৰ গুৱাহাটীৰ ফেন্সি বজাৰ অঞ্চলৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে অল ইণ্ডিয়া প্ৰফেচনেলছ কংগ্ৰেছ (এআইপিচি)ৰ, অসমৰ ৰাজ্যিক ইউনিটে। এআইপিচিয়ে এক প্ৰেছ বিবৃতিত কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ফেন্সি বজাৰৰ পুৰণি কাৰাগাৰ কমপ্লেক্সৰ ভিতৰৰ ৩২ বিঘা বাণিজ্যিক ভূমিত উদ্ভিদ উদ্যান স্থাপনৰ সিদ্ধান্তই বহু বিতৰ্কৰ সৃষ্টি কৰিছে। উল্লেখ্য  যে২০২৩ চনৰ ১ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে উদ্ভিদ উদ্যানখন। এআইপিচিৰ অসম শাখাৰ  সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৌৰৱ সোমানীয়ে কয় যে উদ্ভিদ উদ্যানৰ ধাৰণাটো নিঃসন্দেহে প্ৰশংসনীয় যদিও উন্নয়নৰ বাবে বাছি লোৱা স্থানে বাণিজ্যিক বজাৰৰ মূল্য আৰু সামগ্ৰিক গুৰুত্বৰ প্ৰতি যথেষ্ট ভাবুকি কঢ়িয়াই আনি ঐতিহ্যমণ্ডিত ফেন্সি বজাৰৰ অস্তিত্ব বিপন্ন কৰাৰ আশংকাই  দিছে৷ তেওঁলোকৰ মতে“যদি  চৰকাৰে স্থানীয় বাসিন্দাসকলৰ বাবে এখন বাগিচা আৰু উদ্যান সৃষ্টি কৰাই মূল উদ্দেশ্য আছিল, তেন্তে কম পৰিমাণে মাটিৰ অংশ আবণ্টন দিব পাৰিলেহেঁতেন। এআইপিচিয়ে কয় যে উন্নয়নৰ ভাৰসাম্য ৰক্ষাৰ বাবে ফেন্সি বজাৰৰ  বাণিজ্যিক অস্তিত্বৰ তাৎপৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্কিং, পথৰ যানজঁট, আৰু বজাৰ সম্প্ৰসাৰণৰ জৰুৰী সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে এই অঞ্চলৰ অধিকাংশ মাটি ব্যৱহাৰ কৰা উচিত আছিল আৰু লগতে আন্তঃগাঁথনি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে তেওঁলোকে   চৰকাৰক আহ্বান জনাই কয়  যে জাবৰ-জোঁথৰৰ সঠিক সংগ্ৰহ, নিয়ন্ত্ৰিত ৰাজহুৱা শৌচাগাৰ, খোৱাপানীৰ সুবিধা, শেহতীয়াকৈ বৃদ্ধি পোৱা নিগনিৰ আক্ৰমণ, যিয়ে ফেন্সি বজাৰৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা সৃষ্টি কৰিছে তাৰ নিৰাময়ৰ বাবে চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বাণিজ্যিক কাৰ্য্যক্ষমতাৰ সন্দৰ্ভত পুৰণি জেল কমপ্লেক্সৰ মাটিখিনি ফেন্সি বজাৰৰ বাণিজ্যিক মূল্য বজাই ৰখাৰ বাবে পৰিকল্পিত ভাবে ব্যৱহাৰ কৰি উক্ত স্থানত ৫০০ৰ পৰা ৭০০খন সৰু দোকানৰ সৈতে এটা কমপ্লেক্স নিৰ্মাণ কৰিলে ইয়াৰ বজাৰৰ মৰ্যাদা ৰক্ষা কৰাই নহয়, স্থানীয় ব্যৱসায়ীসকলৰ বাবেও অসংখ্য সুযোগৰ সৃষ্টি হ’ব। বিজ্ঞপ্তিটোত তেওঁলোকে কয় যে যদি দিল্লীত চান্দনী চক, কলকাতাত বাৰা বজাৰ, ডুবাইত মিনা বজাৰ হ’ব পাৰে, তেন্তে অস্তিত্বত ব্যৱসায়িক গুৰুত্ব থকা গুৱাহাটীত ফেন্সি বজাৰ থকাৰ কি ক্ষতি।আনহাতে ফেন্সি বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰিত কৰাৰ সন্দৰ্ভত এআইপিচিয়ে কয় যে চৰকাৰে সমগ্ৰ পাইকাৰী বজাৰখন ফেন্সি বজাৰ গাল্লা পেটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা চিন্তাৰ কাৰণ। এই পদক্ষেপে লোডিং আৰু আনলোডিঙৰ সময়ত ছিণ্ডিকেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, স্থানীয় ব্যৱসায়ীসকলৰ জীৱিকাত ব্যাঘাত জন্মাব পাৰে আৰু অঞ্চলটোৰ বাণিজ্যিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে ৰুদ্ধ কৰি পেলাব পাৰে।যান-বাহন ব্যৱস্থাপনাৰ বিষয়ে এআইপিচিয়ে কয়, “ফেন্সি বজাৰে বৰ্তমান তীব্ৰ যান-জঁট আৰু পাৰ্কিঙৰ সমস্যাৰ সৈতে যুঁজি আছে।  নিয়ম উলংঘাৰ বাবে কেৱল জৰিমনা  বিহাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে চৰকাৰে পুৰণি জেল কমপ্লেক্সৰ চাৰিওফালে পথ সম্প্ৰসাৰণক অগ্ৰাধিকাৰ দি সমস্যা সমূহৰ অধিক দীৰ্ঘম্যাদী সমাধান আগবঢ়াব লাগে। ইয়াৰ উপৰিও ৩,০০০ৰ পৰা ৫,০০০ বাহনৰ বাবে বহুস্তৰীয় পাৰ্কিঙৰ সুবিধা থাকিলে অঞ্চলটো বহুখিনি উপকৃত হ’ব।”
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.