নিউজ ডেক্স, ১৬ অক্টোবৰ,২০২৩ :মুম্বাইত অনুষ্ঠিত হোৱা অধিবেশনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ১৯৯০ চনত মেগা স্প’ৰ্টছ ইভেণ্টৰ পৰা বাদ পৰাৰ পিছত ২০২৮ চনৰ লছ এঞ্জেলছৰ খেলত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে।১৬ অক্টোবৰত অনুষ্ঠিত এক সংবাদমেলত আই অ’ চিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট (টি২০), বেছবল, ফ্লেগ ফুটবল, লেক্ৰছ (ছয়) আৰু স্কোয়াছক নতুন খেল হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে আনুষ্ঠানিক অনুমোদন জনায়। আই অ’ চিৰ সভাপতি থমাছ বাচে কয় যে আই অ’ চিৰ দুজন সদস্যই ইয়াৰ বিৰোধিতা কৰিছিল আৰু এজনে ভোটদানৰ পৰা বিৰত আছিল।“অলিম্পিক গেমছ লছ এঞ্জেলছ ২০২৮ ( @LA28)ৰ আয়োজক সমিতিৰ পৰা এই কাৰ্যসূচীত পাঁচটা নতুন ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আই অ’ চি অধিবেশনে গ্ৰহণ কৰিছে।” বুলি থমাছ বাছে জনোৱাৰ লগতে বেছবল/চফটবল, ক্ৰিকেট (টি২০), ফ্লেগ ফুটবল, লেক্ৰছ (ছয়) আৰু স্কোয়াছ এল এ ২৮ত এই কাৰ্যসূচীত থাকিব।’ বুলি কৈ আই অ’ চিয়ে টুইট কৰে।
বাচে পূৰ্বে কৈছিল যে ২০২৮ চনত অলিম্পিকত এই খেলসমূহ অন্তৰ্ভুক্ত কৰাৰ নিবিদা দাখিল কৰা হৈছে।
বাচে পূৰ্বে কৈছিল যে ২০২৮ চনত অলিম্পিকত এই খেলসমূহ অন্তৰ্ভুক্ত কৰাৰ নিবিদা দাখিল কৰা হৈছে।
