

নিউজ ডেক্স, ১ নবেম্বৰ,২০২৩ : পৌৰকৰ বৃদ্ধিৰে সাধাৰণ নাগৰিকৰ মূৰত কঠাল ভঙা নাজিৰা পৌৰসভাৰ পৃষ্ঠপোষকতাতে এইবাৰ লেচীয়ে নীতি নিয়মক ভৰিৰে মোহাৰি নিজেই ৰচিদ বহী ছপা কৰি ইচ্ছামতে নগৰখনত যান বাহনৰ পৰা অতিৰিক্তভাৱে ধন সংগ্ৰহ কৰি আছে যদিও ৰহস্যজনকভাৱে পৌৰ প্ৰশাসনে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে নাজিৰা নগৰত পাৰ্কিং কৰ সংগ্ৰহৰ বাবে বিতুল দাস নামৰ লেচীজনে যোৱা এপ্ৰিল মাহতে দায়িত্ব লোৱাৰ পিছত জনৈক ৰবি চাহু নামৰ যুৱকজনে বিতুল দাসৰ নামত নগৰখনৰ বিভিন্ন পাৰ্কিং স্থানত যান বাহনৰ পৰা পাৰ্কিং কৰ সংগ্ৰহ কৰি আছে যদিও তেও পৌৰসভাৰ নিৰ্দ্ধাৰিত দৰতকৈ বহু বেছি মূল্যত যান বাহনৰ পৰা কৰ সংগ্ৰহৰ অভিযোগ উণ্থাপিত হৈছে৷ পৌৰসভাই নিৰ্দ্ধাৰিত কৰা দৰ মতে ৭০৯, এল-পি আদি ল’ডিং ট্ৰাকৰ পৰা ১৫০ টকাকৈ আৰু দহ বা ততোধিক চকাৰ ল’ডিং ট্ৰাকৰ পৰা ২৫০ টকাকৈ সংগ্ৰহ কৰিব লাগে যদিও ৰবি চাহু নামৰ উপ-লেচী জনে নিজেই ৰছিদ বহী বনাই অবৈধভাৱে ছয় চকীয়া ল’ডিং ট্ৰাকৰ পৰা ২৫০ টকা, দহ চকীয়া ল‘ডিং ট্ৰাকৰ পৰা ৩৫০ টকা আৰু চৌধ্য চকীয়া ল’ডিং ট্ৰাকৰ পৰা ৪৫০ টকাকৈ সংগ্ৰহ কৰি লুণ্ঠনৰাজ চলাই আছে৷ পৌৰপ্ৰশাসনৰ নামত এনেদৰে অবৈধভাবে ৰছীদ বহী ছপাই অতিৰিক্তভাৱে যান বাহনৰ পৰা কৰ সংগ্ৰহ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি নাজিৰাৰ সচেতন ৰইজে এইক্ষেত্ৰত জৰুৰী ভাবে মহকুমা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে৷

