নিউজডেক্স,৩০ নবেম্বৰ,২০২৩ : আগন্তুক লোকসভা নিৰ্বাচনক লৈ বৃহৎ ৰণনীতিৰ পৰিকল্পনাৰে আজিৰ পৰা দুদিনীয়াকৈ ডিব্ৰুগড়ত বিৰোধী INDIAৰ গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক আৰু জনসভা।
আজি বিৰোধী ঐক্য মঞ্চ INDIA ৰ প্ৰথমখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে । এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।এই বৈঠকেত INDIA ৰ লোকসভা নির্বাচনৰ ৰণনীতি, প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্ধাৰণৰ দৰে গুৰুত্বপূর্ণ বিষয় আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তদুপৰি ঐক্য মঞ্চৰ আভ্যন্তৰীন বিষয়, নিৰ্বাচনী ইচ্ছ্যু আদিয়ে গুৰুত্ব পাব। উল্লেখ্য যে ১৫ টা দলৰ নেতাই এই বৈঠকত অংশ গ্ৰহণ কৰি সমূহীয়াকৈ ৰণনীতি তৈয়াৰ কৰিব।এই দুই সভাক লৈ ইতিমধ্যে AICCৰ সম্পাদক পৃথ্বীৰাজ চাথেই ডিব্ৰুগড়ত বাহৰ পাতি সকলো তদাৰক কৰা লগতে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈকে প্ৰমুখ্যে কৰি সকলো নেতৃত্ব কেইবাদিনো ধৰি বাহৰ পাতি আছে ডিব্ৰুগড়ত।ডিব্ৰুগড়ৰ এইছ এম ৰিজৰ্টত এঘাৰ বজাৰ পৰা বিয়লি পৰ্যন্ত অনুষ্ঠিত হ’ব। বহু চৰ্চিত বিৰুধী ৰাজনৈতিক দল সমূহৰ উমৈহতীয়া মঞ্চ INDIAৰ ৰুদ্ধদ্বাৰ বৈঠকখনতে সিদ্ধান্ত ল’ব লোকসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বৈঠকৰ বাবে ডিব্ৰুগড়ত উপস্থিত হৈছে ১৫ টাই দলৰ নেতৃত্ব।আনহাতে কাইলৈ বিৰোধী INDIA ই ডিব্ৰুগড়তে অনুষ্ঠিত কৰিব বিশাল এক জনসভা। ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা জনসভাত ১৫ টা দলৰ নেতৃত্বই অংশ গ্রহণ কৰিব। উল্লেখযোগ্য যে শনিবাৰে উজনিৰ তিনিচুকীয়াত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে বিজেপিৰ মন্ত্ৰী সহ নেতৃবৰ্গ উজনিত বাহৰ পতাৰ সময়তে ডিব্ৰুগড়ত INDIA ৰ ৰুদ্বদ্বাৰ বৈঠকক লৈ ৰাজনৈতিক বতাহ স্বাভাবিকতে উতপ্ত হৈ পৰিছে।অসম জাতীয় পৰিষদৰ আতিথ্যত অনুষ্ঠিত হৈছে এই ৰাজনৈতিক অভিবৰ্তনখনি।বিৰোধী ঐক্য মঞ্চই প্ৰকাশ কৰিবলগীয়া ঘোষণা পত্ৰখন চূড়ান্ত কৰিব।