নিউজডেক্স,২ ডিচেম্বৰ,২০২৩ : আজি অসম দিৱস।বৰ অসম গঢ়োতা, ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক আজি অসমবাসীয়ে স্মৰণ কৰিছে। বৰ অসমৰ ভেঁটি গঢ়োতা মহান স্বৰ্গদেউ গৰাকীৰ স্মৃতিত আজি পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস। টিংখাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ অতিথ্যত টিংখাঙৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম দিৱস পালন কৰা হৈছে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি থলুৱা উদ্যোগৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ বচা বচা উদ্যোগী সকলক লৈ আধুনিক অসম – আত্মনিৰ্ভৰশীল অসম এই বিষয়ৰ উপৰত এক প্ৰদৰ্শনী মেলাৰ আয়োজন কৰা হয় । লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে উদ্যোক্তা সকলে।
উল্লেখ্য যে কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টি সমূহ প্ৰদৰ্শিত হোৱাৰ উপৰিও টিংখাং অঞ্চলৰ প্ৰায় পাঁচশ মহিলাই একত্ৰিত হৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ মহত্বৰ উপৰত এটি কুৰাছ পৰিবেশন কৰে । লগতে অনুপজ্যোতি চৌধুৰীৰ নেতৃত্বত স্বৰ্গদেউ চাওলুং চুকাফাৰ জীৱনৰ ওপৰত এখনি নাটক মঞ্চস্থ কৰা হয়।

