নিউজডেক্স, ৩ ডিচেম্বৰ,২০২৩ : “আমি বিশ্ববাসীৰ মাজত স্বীকৃতি পাবলৈ হ’লে এটা চহকী ভাষা আৰু সাহিত্য সংস্কৃতিৰে পৰিচিত হ’ব লাগিব ৷বিশ্বক জনাব পৰা সাহিত্য সৃষ্টি হ’ব লাগিব ৷এতিয়াৰ প্ৰজন্মৰ সাহিত্য সাধনাত ব্যস্ত থকা সকলে একনিষ্ঠ নীৰৱ সাধনাৰে ভাষা সাহিত্যক আগবঢ়াই লৈ যোৱাত গুৰুত্ব দিব লাগিব ”—ধিতাইপুখুৰীত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালনী অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেদৰে বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ড°সূৰ্যকান্ত হাজৰিকাই ৷ভাষণ প্ৰসংগত তেখেতে অসম সাহিত্য সভাৰ বহু কৰণীয় আছে যিবোৰ এতিয়াও কৰিব পৰা নাই বুলি উল্লেখ কৰাৰ লগতে সাহিত্য সভাৰ গতিবিধি বহুলোকে লক্ষ্য কৰি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷উল্লেখযোগ্য যে ধিতাইপুখুৰী শাখা সাহিত্য সভাৰ আতিথ্যত কালি আৰু আজি ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ ডম্বৰু কাকতী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ পাছত আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড° নিৰুপমা মহন্তই ৷ইয়াৰ পাছতে স্মৃতি তৰ্পণ আৰু ডম্বৰু কাকতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন কৰে ক্ৰমে ধিতাইপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱ বুঢ়াগোহাঁই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ বৰাই ৷প্ৰতিনিধি সন্মিলন উদ্বোধন কৰে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন মহন্তই ৷দুপৰীয়ালৈ জিলা সাহিত্য সভাৰ সভাপতি ড°নিৰুপমা মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে ৷উদ্বোধনী ভাষণত তেখেতে অসমীয়া ভাষা সাহিত্যৰ সংকট কালত অসম সাহিত্য সভাৰ পৰম্পৰাত বিচ্যুতি ঘটিছে বুলি উল্লেখ কৰি বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ভাষাৰ ক্ষেত্ৰত চৰকাৰৰ নীতিয়ে হকা -বধা কৰি অসমীয়া ভাষা সাহিত্যক পেণ্ডুলামত ৰাখিছে বুলি মন্তব্য কৰে ৷ধিতাইপুখুৰী অঞ্চলৰ মহিলাৰ এটি দলে পৰিৱেশন কৰা “চিৰ চেনেহী মোৰ ভাষা জননী ” গীতেৰে শুভাৰম্ভ কৰা মুকলি সভাৰ আদৰণী ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সভাপতি সুৰেন্দ্ৰনাথ দত্তই ৷উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই ৷এই মুকলি সভাতে শিৱসাগৰ জিলা সাহিত্যই সভাই সভাৰ তিনিটা কাৰ্য কালৰ সভাপতি প্ৰয়াত ডম্বৰু কাকতীক “পয়োধা প্ৰবৰ ”অভিধা প্ৰদান কৰে ৷প্ৰয়াত কাকতীৰ হৈ এই অভিধা গ্ৰহণ কৰে তেখেতৰ পত্নী প্ৰথমা কাকতীয়ে ৷সভাৰ মাজতে ইলা মহন বৰগোহাঁইৰ শিশু গ্ৰন্থ “দশৱতাৰ”,ৰাণু শইকীয়াৰ “অংশুনা”,প্ৰশান্ত বৰগোহাঁইৰ “নতুন নতুন সাধু ”,উপেন গগৈৰ “তোমাত ভকতি ৰহোক সম্প্ৰতি”,সত্যপ্ৰভা গগৈ বুঢ়াগোহাঁইৰ প্ৰৱন্ধ সংকলন “ বিচিত্ৰ সুবাস ”,শ্বাকিৰা উল্লাৰ গল্প সংকলন “প্ৰহেলিকা”, দীপ্তিময়ী বুঢ়াগোহাঁইৰ “নিৰ্বাচিত প্ৰৱন্ধ সংকলন ”আৰু ধীৰেণ কুমাৰ বৰঠাকুৰৰ “দুষ্টক দমন” নামৰ গল্প সংকলনকে ধৰি আঠজন লেখকৰ আঠখন গ্ৰন্থ উন্মোচন কৰা হয় ৷শিশু শিল্পী টমাচ বৰুৱাৰ বৰগীত আৰু মালা বৰঠাকুৰৰ ডম্বৰু কাকতী ৰচিত আধুনিক গীতে সৌষ্ঠৱ বৃদ্ধি কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভাপতি ড°গিৰিশ সন্দিকৈ,প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা ,কোষাধ্যক্ষ মিহিৰ বৰুৱা ,শিৱসাগৰ জিলা সাহিত্য সভাৰ তিনি গৰাকী প্ৰাক্তন সভাপতি ক্ৰমে দুৰ্লভ বুঢ়াগোহাঁই ,প্ৰেম গগৈ ,আৰু যোগ গগৈ ,যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া ,গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰুৱা ,সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা ,শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি বিনোৱা টায়ে ,কাৰ্যনিৰ্বাহক সদস্য ড° জীৱন কলিতা ,মাজুলীৰ প্ৰভাত বুঢ়াভকত,কবি জনম খনিকৰৰ লগতে বহু সাহিত্য কৰ্মী আৰু সংগঠক ৷সভাৰ শেষত অধিৱেশনৰ প্ৰথম দিনা ছাত্ৰ -ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা কুইজ ,চিত্ৰাংকণ আৰু ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয় ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

