নিউজডেক্স, ২৬ ডিচেম্বৰ,২০২৩ : :আজি নাজিৰাৰ মহকুমা কাৰ্যালয়ত চি পি আই দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পিছত অনুষ্ঠিত সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যেশেহতীয়াকৈ সঘন এনকাউণ্টাৰ বিষয়টোয়ে ৰাজ্যবাসীক আতংকিত কৰি তুলিছে ৷ সেয়েহে চি পি আই দলে আলফাৰ সন্দেহত কৰা এই এনকাউণ্টাৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক আখ্যা দি পাৰ্টিয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি তৎকালে এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত চি পি আইয়ে বিৰোধী ঐক্যমঞ্চত থাকি অৱতীৰ্ণ হ’ব আৰু ইয়াৰ বাবে যোৰহাট লক্ষীমপুৰ আৰু কাজিৰঙা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত পাৰ্টিয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷ ইতিমধ্যে তিনিওটা সমষ্টিতে পাৰ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ যোৰহাট সমষ্টিৰ পৰা দুজনীয়া এখন পেনেল শিৱসাগৰ জিলা কাৰ্যনিৰ্বাহকে প্ৰস্তুত কৰি ৰাজ্যিক কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷ ঠিক তেনেকৈ লক্ষীমপুৰ সমষ্টিৰ পৰা এজনীয়া পেনেল আৰু কাজিৰঙাৰ সমষ্টিৰ পৰা তিনিজনীয়া এখন পেনেল প্ৰস্তুত কৰা হৈছে বুলি কনক গগৈয়ে সংবাদ মাধ্যমক অৱগত কৰে ৷সংবাদমেলত পাৰ্টিৰ ৰাজ্যিক সম্পাদক কনক গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক ধৰ্ম বৰুৱা, জিলা সম্পাদক মণি বুঢ়াগোহাঁই, AIYF ৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ, ৰাজ্যিক সম্পাদক অজয় বড়া, নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়া উপস্থিত আছিল ৷


