নিউজডেক্স,১৭ জানুৱাৰী,২০২৪ : আজি শিল্পী দিৱসৰ দিনাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২৩-২৪ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা কৰিছে৷ৰাজ্যখনৰ কলা-সংস্কৃতি জগতৰ ৬২ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন। চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চনৰ তালিকা অনুসৰি ০২৩ – ২৪ বৰ্ষৰ বাবে শিল্পী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল হ’ল :
১) ৰজনী পাটগিৰি ( ৭৫ বছৰ, বজালী ) : সংগীত, নৃত্য
২) ভগীৰাম দাস ( ৭৭ বছৰ, বজালী ) : সুকনান্নী ওজাপালি
৩) উত্তম বৰ্মণ ( ৭২ বছৰ, বজালী ) : লোকগীতৰ শিল্পী
৪) পদ্মধৰ বসুমতাৰী ( ৭৬ বছৰ, বাক্সা ) : কণ্ঠশিল্পী
৫) অচ্যুত ওজা ( ৭৯ বছৰ, বৰপেটা ) : সত্ৰীয়া শিল্পী
৬) হৰিহৰ পাঠক ( ৯৩ বছৰ, বৰপেটা ) : চিত্ৰশিল্পী, সত্ৰীয়া শিল্পী, বাঁহী বাদক
৭) পবিত্ৰ তালুকদাৰ ( ৬৮ বছৰ, বৰপেটা ) : কাঁহ-পিতলৰ শিল্পী
৮) লক্ষেশ্বৰ শইকীয়া ( ৬৯ বছৰ, বিশ্বনাথ ) : নাটক, ভাওনাৰ অভিনেতা
৯) অতুল দাস ( ৭০ বছৰ, বিশ্বনাথ ) : কণ্ঠশিল্পী
১০) তিলক দাস ( ৭৩ বছৰ, বঙাইগাঁও ) : পাঠক
১১) বীণাপানী নাথ ( ৮৩ বছৰ, কাছাৰ ) : লোকনৃত্য ( ধামাইল নৃত্য ), গায়ক
১২) দেৱযানী দাস ( ৭২ বছৰ, চিৰাং ) : নৃত্য, অভিনয়
১৩) হাঁহিৰাম গোঁসাই ( ৮০ বছৰ, চৰাইদেউ ) : ঝুমুৰ শিল্পী
১৪) দ্ৰোণ ভূঞা ( ৬৭ বছৰ, দৰং ) : সুকনান্নী ওজাপালি
১৫) জ্যোৎস্না দত্ত ( ৭০ বছৰ, দৰং ) : অভিনেত্ৰী
১৬) মহেশ্বৰ ডেকা ( ৯৪ বছৰ, দৰং ) : সুকনান্নী ওজাপালি
১৭) ইন্দেশ্বৰ সোণোৱাল ( ৭৭ বছৰ, ধেমাজি ) : মৃদংগীয়া বৰবায়ন
১৮) ভোলানাথ ৰয় ( ৬৭ বছৰ, ধুবুৰী ) : গোৱালপৰীয়া লোক সংস্কৃতি
১৯) ৰাছিক আটয় ( ৭৯ বছৰ, ধুবুৰী ) : অভিনেতা
২০) জোনালী বৰুৱা ( ৭৮ বছৰ, ডিব্ৰুগড় ) : অভিনেত্ৰী
২১) পৰী ভূঞা ( ৬১ বছৰ, ডিব্ৰুগড় ) : কণ্ঠশিল্পী
২২) জিতেন পল ( ৬৮ বছৰ, গোৱালপাৰা ) : টেৰাকটা শিল্পী
২৩) নন্দা বৰ্মন ( ৬১ বছৰ, গোৱালপাৰা ) : কণ্ঠশিল্পী
২৪) চামচুদ্দিন আহমেদ ( ৬৭ বছৰ, গোলাঘাট ) : জিকিৰ আৰু জাৰি
২৫) গোপাল বৰা ( ৮৩ বছৰ, হোজাই ) : গায়ন বায়ন, পাঠক, ভাওৰীয়া
২৬) ভুগিৰাম হাজৰিকা ( ৯৩ বছৰ, যোৰহাট ) : সত্ৰীয়া সংস্কৃতি
২৭) নিত্যৰঞ্জন বৰঠাকুৰ ( ৯৪ বছৰ, যোৰহাট ) : অভিনেতা, গীতিকাৰ, সংগীত শিল্পী
২৮) সোমেশ্বৰ কলিতা ( ৮৭ বছৰ, যোৰহাট ) : লোকবাদ্য শিল্পী
২৯) খৰ্গেশ্বৰ নাথ ( ৬৩ বছৰ, কামৰূপ ) : নৃত্য পৰিচালক
৩০) নগেন কলিতা ( ৮১ বছৰ, কামৰূপ ) : নাগাৰা নামৰ পালি
৩১) বীৰেন চন্দ্ৰ কলিতা ( ৮৬ বছৰ, কামৰূপ ) : ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা
৩২) মহেন্দ্ৰ ডাউকা ( ৬১ বছৰ, কামৰূপ ) : ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, নাগাৰা নামৰ শিল্পী
৩৩) ৰীতা মহলীয়া ( ৬৮ বছৰ, কামৰূপ মেট্ৰো ) : ৰূপসজ্জা শিল্পী
৩৪) শান্তা উজীৰ ( ৬৪ বছৰ, কামৰূপ মেট্ৰো ) : কণ্ঠশিল্পী
৩৫) মাধৱ শৰ্মা ( ৬৯ বছৰ, কামৰূপ মেট্ৰো ) : তবলা বাদক
৩৬) হিৰেন বৰা ( ৭২ বছৰ, কামৰূপ মেট্ৰো ) : চলচ্চিত্ৰ পৰিচালক
৩৭) ৰতন দাস ( ৬৭ বছৰ, কামৰূপ মেট্ৰো ) : অভিনেতা
৩৮) গিৰিজা দাস ( ৭৬ বছৰ, কামৰূপ মেট্ৰো ) : অভিনয়
৩৯) ধীৰেন বৰুৱা ( ৬১ বছৰ, কামৰূপ মেট্ৰো ) : আলোক শিল্পী
৪০) মুকুট বৰা ( ৬২ বছৰ, কামৰূপ মেট্ৰো ) : লোক শিল্পী ( বিহু )
৪১) পখিলা লেকথেপি ( ৬১ বছৰ, কাৰ্বি আংলং ) : কণ্ঠশিল্পী
৪২) নিৰ্মল বসুমতাৰী ( ৭২ বছৰ, কোকৰাঝাৰ ) : বড়ো চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেতা
৪৩) ৰবীন দলে ( ৭০ বছৰ, লখিমপুৰ ) : পুতলা নাচৰ শিল্পী
৪৪) ৰত্নেশ্বৰ কুলী ( ৮১ বছৰ, লখিমপুৰ ) : মিচিং লোক শিল্পী
৪৫) ৰূপম শইকীয়া ( ৭০ বছৰ, লখিমপুৰ ) : সত্ৰীয়া শিল্পী
৪৬) নমোৰাম বৰা ( ৮৩ বছৰ, মাজুলী ) : সত্ৰীয়া শিল্পী
৪৭) ধনীৰাম দত্ত ( ৮০ বছৰ, মাজুলী ) : পৰম্পৰাগত ঢুলীয়া শিল্পী
৪৮) টিকেন দাস ( ৭৫ বছৰ, মৰিগাঁও ) : বাদ্যযন্ত্ৰী
৪৯) পূৰ্ণেশ্বৰ বৰুৱা ( ৭৫ বছৰ, নগাঁও ) : বাদ্য শিল্পী
৫০) সুৰেন্দ্ৰ কাকতি ( ৮০ বছৰ, নগাঁও ) : ওজাপালি
৫১) ললিত বৰা ( ৬৫ বছৰ, নগাঁও ) : সত্ৰীয়া শিল্পী
৫২) ভদ্ৰেশ্বৰ দাস ( ৮০ বছৰ, নলবাৰী ) : ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা নিৰ্দেশক
৫৩) মহাদেৱ দাস ( ৬৯ বছৰ, নলবাৰী ) : ওজাপালি
৫৪) যাদৱ চন্দ্ৰ ডেকা ( ৮২ বছৰ, নলবাৰী ) : অভিনেতা
৫৫) হৰেকৃষ্ণ তালুকদাৰ ( ৬৮ বছৰ, নলবাৰী ) : বাঁহী বাদক
৫৬) ঘনকান্ত দত্ত ( ৮৬ বছৰ, শিৱসাগৰ ) : মৃদংগীয়া গায়ন বায়ন।
৫৭) হীৰু বৰঠাকুৰ ( ৭১ বছৰ, শোণিতপুৰ ) : অভিনেতা
৫৮) কল্পনা কলিতা ( ৭০ বছৰ, শোণিতপুৰ ) : অভিনেত্ৰী, কণ্ঠশিল্পী
৫৯) গোপেশ্বৰ গোৱালা ( ৮৪ বছৰ, শোণিতপুৰ ) : ঝুমুৰ নৃত্য শিল্পী
৬০) জ্যোতি হাজৰিকা ( ৭৪ বছৰ, শোণিতপুৰ ) : চিত্ৰ-ভাস্কৰ্য শিল্পী
৬১) মংগল সিং দৈমাৰী ( ৭০ বছৰ, তামুলপুৰ ) : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা
৬২) লুইত দাস ( ৬৮ বছৰ, তিনিচুকীয়া ) : বনগীতৰ শিল্পী

