
নিউজডেক্স,২৮ জানুৱাৰী,২০২৪ : ৰাজ্যত সৰ্বোন্নয়নৰ ফটাঢোল বজোৱা চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই এতিয়াও একাংশ দানৱ ৰূপী চিকিৎসকে বহুতো কণমানি শিশুক গিনিপিগ ৰূপে ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিত ৰাজ্যখনত নিতৌ অগণন শিশুৰ মৃত্যু হ’ব ধৰিছে৷ ৰাজ্যখনত শিশুৰ মৃত্যুৰ হাৰ ১৩% হ্ৰাস পাইছে বুলি অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰিছে যদিও একাংশ বেচৰকাৰী চিকিৎসকৰ স্বাৰ্থপৰ বেপেৰুৱা মনোভাব তথা লুণ্ঠণকাৰী স্বভাবৰ বাবেই আজিও শিশুৰ মৃত্যু হ’বলগীয়া কথাই এনে চিকিৎসকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ হীনতাকেই প্ৰতীয়মান কৰিছে৷ শিৱসাগৰত নিজৰ আত্মীয়ৰ নামত জীৱনদায়িনী ঔষধৰ ৰমৰমীয়া বেহা চলোৱা আৰু তথাকথিত“ শিশু বিশেষজ্ঞ” ৰূপে শিৱসাগৰৰ ’সম্প্ৰীতি নাৰ্ছিং হ’ম’ নামৰ ব্যক্তিগত চিকিৎসালয় খনত কৰ্মৰত ডাঃ সুশীল কেডিয়া নামৰ চিকিৎসক জনৰ গাফিলতিত নাজিৰাৰ এটি তিনিমহীয়া কণমানি শিশুৰ মৃত্যু হোৱা ঘটনা চছিয়েল মিডিয়াৰ যোগেদি পোহৰলৈ অহাত জনমানসত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷মনৰ দুখত উক্ত কণমানি শিশুটিৰ পিতৃয়ে “ মোৰ জীৱনৰ এক তিক্ত অধ্যায় ” শিৰোনামেৰে চছিয়েল মিডিয়াত প্ৰকাশ কৰা কৰুণ প’ষ্টটো অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল—
“যোৱা ইংৰাজী ১৫/১০/২০২৩ তাৰিখ দেওবাৰে মোৰ এটা পুত্ৰ সন্তানৰ জন্ম হৈছিল শিৱসাগৰৰ সম্প্ৰীতি নাৰ্চিং হোমত। জন্ম সময়ত মোৰ ল’ৰা টোৰ ওজন আছিল ৩.৪৮০ গ্ৰাম। জন্মৰ দুদিন ধুনীয়াকৈ পাৰ হৈ গৈছিল। তিনি দিনৰ দিনা ডঃ সুসীল কেডিয়াই মোক ল’ৰা টোৰ কিম্বা চি আৰ পি সংক্ৰমণ আৰু জন্দিছ পোৱাৰ কথা কৈছিল আৰু ল’ৰা টোক বেবী কেয়াৰ ৰুমত ৰাখিবলৈ পৰামৰ্শ দিছিল। ডঃ নিৰ্দেশমতে ল’ৰাটোক চাৰিঘণ্টা বেবী কেয়াৰ ৰুমত ৰখাৰ পাছত পুনৰ মাকৰ ওচৰত দিছিল আৰু ৫ নং দিনা দুই চাৰিটা মান তেজ পৰীক্ষা কৰাৰ পাছত সকলো ঠিকেই আছে কেৱল ল’ৰা টোক সম্পূৰ্ণ সুসীল কেডিয়াই চোৱা চিতা কৰিম বুলি কৈছিল আৰু ভেকচিন সমূহ কেৱল মাত্ৰ তেওঁৰ তত্বাবধানত দিবলৈ কৈ ৰিলিজ দিছিল। যোৱা নবেম্বৰ মাহৰ ২৬.১১.২০২৩ আৰু ডিচেম্বৰ মাহৰ ২৬.১২.২০২৩ তাৰিখে নিয়মীয়াকৈ ২টা ভেকচিন দিছিল। এটা ভেকচিনত তেওঁ মোৰ পৰা ৯৫০০.০০ টকাকৈ আদায় লৈছিল আৰু প্ৰথম বাৰ ভেকচিন দিয়াৰ আগতে তেওঁ নাৰ্চৰ আগত মোক মতাই নি সুধিছিল দুই প্ৰকাৰৰ ভেকচিন আছে এটা ৪৬০০.০০ আৰু এটা ৯৫০০.০০। মই তেতিয়া দুয়োটাৰ মাজত পাৰ্থক্য সোধোতে তেওঁ কৈছিল যে ৯৫০০.০০ টকাৰ ভেকচিন ললে বেবীটো সৰ্বাতো প্ৰকাৰে সুৰক্ষিত থাকিব। মই তেতিয়া ৯৫০০.০০ টকীয়া টোকে তেওঁক দিবলৈ কলো আৰু অজানিতে তেওঁৰ টকা ঘটাৰ ৰমৰমীয়া বজাৰখনত সোমাই পৰিলোঁ। মই তেতিয়া বুজা নাছিলোঁ যে চৰকাৰী হস্পিটেলত বিনামূলীয়াকৈ উপলব্ধ ভেকচিনৰ ইমান টকা খৰচ কৰি দিয়াৰ যি এক চক্ৰবেহু তেওঁ ৰচিছে তাত মই সোমাই পৰিছোঁ। যোৱা ২৬.১২.২০২৩ তাৰিখে মোৰ ল’ৰা টোৰ সামান্য কাঁহ আৰু চৰ্দি হৈ থকাৰ বাবে তেওঁক মই ভেকচিনটো সেইদিনা দিবলৈ মানা কৰিছিলোঁ। তেতিয়া ডঃ সুসীল কেডিয়াই মোক কলে একো নহয় ভেকচিন সময়মতে দিব লাগে। যিহেতু তেওঁৰ ৯৫০০.০০ টকাৰ স্বাৰ্থ আছে। যোৱা ১৯.০১.২০২৪ তাৰিখে মোৰ ল’ৰা টোৰ প্ৰথম জ্বৰ কাহ আৰু নাক বন্ধ হয় আৰু ডঃ সুসীল কেডিয়াই দিয়া Dolo drops খাই ভাল নোপোৱাত মই ২০.০১.২০২৪ তাৰিখে পুনৰ সুসীল কেডিয়াৰ ওচৰলৈ লৈ যাওঁ আৰু তেওঁ সম্প্ৰীতি নাৰ্চিং হোমলৈ নি নেমলাইজ আৰু দৈনিক তিনিটাকৈ ইনজেকচন ল’বলৈ পৰামৰ্শ দিয়ে মই সেইমতে চাৰিটা ইনজেকচন দিয়ালো। কিন্তু ২১.০১.২৪ তাৰিখ দেওবাৰে দুপৰীয়ালৈকে মোৰ ল’ৰা টোৰ কোনো আৰোগ্য হোৱাৰ লক্ষণ নেদেখাত মই ডঃ সুসীল কেডিয়াক পুনৰ ফোন কৰি আৰোগ্য নোহোৱাৰ কথা কলো আৰু ডিব্ৰুগড় আদিত্য নাৰ্চিং হোমলৈ লৈ যোৱাৰ কথা কলো আৰু তেওঁ কলে ঠিক আছে লৈ যোৱা। আদিত্য গৈ পোৱাৰ পাছতে সন্ধিয়া ৮.৩০ বজাত জৰুৰীকালীন বিভাগত এজন শিশু বিশেষজ্ঞই মোৰ ল’ৰা টোৰ নিমনীয়া হৈছে বুলি কয় আৰু ততাতৈয়াকৈ শিশু ICU ত ভৰ্তি কৰাব কয়। মই সেইমতে ভৰ্তি কৰাও যদিও কেৱলমাত্ৰ সুসীল কেডিয়াই প্ৰকৃত ৰোগ ধৰিব নোৱাৰাৰ অজুহাতত দুঘণ্টাৰ ভিতৰত ২১.০১.২৪ ৰাতি ১১.১০ বজাত ICU ত মোৰ ল’ৰাটো হেৰাই গʼল। ICU ত ডঃ ৰে মোক কলে মোৰ ল’ৰা টোৰ বহুত দিনৰ পৰাই নিমনীয়া হৈ আছিলে ডঃ সুসীল কেডিয়াই কিয় আগতে ধৰিব নোৱাৰিলে আৰু তাৰ পৰিৱৰ্তে ইমান High Dose Antibiotic Injection কিয় দিলে তাক লৈ ক্ষোভ প্ৰকাশ কৰিলে। আজি মই আইনৰ সহায়লৈ একো কৰিব নোৱাৰিম কাৰণ মই স্ব-ইচ্ছাৰে তেওঁৰ ওচৰলৈ গৈছিলো। কিন্তু যি চক্ৰবেহুত সোমোৱাই তেওঁৰ যি ভেকচিনৰ বেহাত মোক সোমোৱাই ললে তাৰ জানো কিবা ন্যায় আছে আৰু এনেকুৱা ব্যয়বহুল ভেকচিনৰ কি মূল্য আছে যি এটা নিষ্পাপ শিশুক মৃত্যুৰ গৰাহলৈ ঠেলী দিয়ে আৰু মাক দেউতাকৰ মনত আশ্বাস দিয়াই ৰাখে যে তেওঁৰ শিশুটো সকলো সংক্ৰমণৰ সৈতে যুঁজিবলৈ সক্ষম হৈ আছে। সামান্য কেইটামান টকাৰ মোহত এনেকৈ নিষ্পাপ শিশুক মৃত্যুৰ মূখলৈ ঠেলী দিয়া এনে অমানৱীয়, লোভী আৰু স্বাৰ্থলোভী চিকিৎসকক নাকি লগাব কোনে। আজি মোৰ এই পষ্টটোৰ জৰিয়তে মই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যাতে মোৰ ঘৰখনত আমাৰ অন্তৰত যি জুই জ্বলিছে বেলেগ কাৰো যাতে এনে ঘটনা নঘটক আৰু এনে লোভী ডঃৰ পৰা সাৱধান থাকক।”
উল্লেখ্য যে চৰকাৰী ব্যৱস্থাক শক্তিশালী কৰা আৰু শিশুৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ পুঁজি যোগান, সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত গ্ৰহণ কৰা ফলপ্ৰসূ নীতিসমূহৰ অগ্ৰগতি আৰু কাৰ্যকৰীকৰণত সহযোগিতা কৰিবলৈ, বিশেষতঃ অতিশয় উপান্ত আৰু অসহায় শিশু আৰু কিশোৰসকলৰ কল্যাণৰ অৰ্থে ইউনিছেফে অসমত বিগত দুই দশকৰো অধিক সময় কাম কৰি আছে। অসমৰ শিশুৰ স্বাস্থ্যৱান আৰু সমৃদ্ধিশীল বিকাশৰ অৰ্থে ইউনিছেফে ৰাজ্য আৰু ৰাজ্যৰ-বাহিৰৰ পক্ষসমূহৰ সৈতে অংশীদাৰ হৈছে।
যিসময়ত শিশুৰ সুৰক্ষাৰ বাবে চৰকাৰে বিনামূলীয়াকৈ টীকাকৰণৰ ব্যৱস্থা কৰিছে সেই সময়তে নিজৰ ব্যৱসায়িক মুুনাফা লাভৰ স্বাৰ্থত ডাঃ সুশীল কেডিয়াই হাজাৰ হাজাৰ টকাৰ বিনিময়ত শিশুক এনে টীকা প্ৰদান কৰাটো তথা চৰকাৰে এনে বিনামূলীয়া টীকাৰ বেপাৰ কৰিবলৈ অনুমতি দিয়াটো অত্যন্ত ৰহস্যজনক কথা৷ ’সম্প্ৰীতি নাৰ্ছিং হ’ম’ৰ দৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু ডাক্তৰ সুশীল কেডিয়াৰ দৰে লুণ্ঠণকাৰী,মানৱতাহীন চিকিৎসকক চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰা লৈকে অসমত শিশুৰ মৃত্যুৰ হাৰ যে হ্ৰাস নহয় ই ধুৰূপ ৷

