নিউজডেক্স,৮ ফেব্ৰুৱাৰী,২০২৪ : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ভাৰতীয় অৰ্থনীতিৰ ওপৰত এখন শ্বেতপত্ৰ দাখিল কৰে।অন্তৱৰ্তীকালীন বাজেটত দিয়া ভাষণত সীতাৰমণে ২০১৪ চনৰ লৈকে ইউ পি এ চৰকাৰৰ শাসনৰ দহ বছৰীয়া অৰ্থনৈতিক দুৰ্নীতিৰ ৰূপৰেখা দাঙি ধৰি অৰ্থনীতিৰ ওপৰত এখন শ্বেতপত্ৰ লৈ চৰকাৰে প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছিল।সীতাৰমনৰ উদ্ধৃতিৰে সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, এনডিএ চৰকাৰে সেই বছৰবোৰৰ সংকট অতিক্ৰম কৰিছে, আৰু অৰ্থনীতিক সৰ্বাংগীন উন্নয়নৰ সৈতে উচ্চ বহনক্ষম বৃদ্ধিৰ পথত দৃঢ়তাৰে আগবঢ়া
হৈছে।
হৈছে।“তেতিয়া আমি ক’ত আছিলো(২০১৪ চনৰ লৈকে) আৰু এতিয়া ক’ত আছো, কেৱল সেই বছৰবোৰত (যিবোৰ সংঘটিত হৈছিল) অপ-ব্যৱস্থাপনাৰ পৰা শিক্ষা লোৱাৰ উদ্দেশ্যে এতিয়া সেইবোৰ চোৱাটো প্ৰয়োজন। চৰকাৰে এখন শ্বেতপত্ৰ টেবুলত ৰাখিব।” বুলি সদনত মন্ত্ৰীগৰাকীয়ে কৈছিল।
আজি সংসদত চৰকাৰে দাখিল কৰা শ্বেতপত্ৰত কোৱা হৈছে যে- যোৱা দহ বছৰত এন ডি এ চৰকাৰে পূৰ্বৰ ইউ পি এ চৰকাৰে এৰি থৈ যোৱা প্ৰত্যাহ্বানসমূহ সফলতাৰে অতিক্ৰম কৰিলে।
দ্ৰুত সমাধানৰ ব্যৱস্থা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এন ডি এ চৰকাৰে সাহসী সংস্কাৰ হাতত ল’লে, লগতে শক্তিশালী পৰিকাঠামো গঢ়ি তুলিলে।
ৰাজনৈতিক আৰু নীতিগত স্থিতিশীলতাৰে সজ্জিত এন ডি এ চৰকাৰ পূৰ্বৰ ইউ পি এৰ দৰে নহয়, এই চৰকাৰে বৃহত্তৰ অৰ্থনৈতিক মংগলৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
২০১৪ চনত চৰকাৰে গভীৰভাৱে ক্ষতিগ্ৰস্ত অৰ্থনীতিৰ উত্তৰাধিকাৰী হৈছিল যাৰ ভেটি পুনৰ নিৰ্মাণ কৰিবলগীয়া হৈছিল যাতে আত্মনিৰ্ভৰশীল দীৰ্ঘম্যাদী বৃদ্ধি সম্ভৱ হয়।
ৰাজকোষৰ বাবে বৃহৎ ৰাজহ লোকচান আৰু বিত্তীয় আৰু ৰাজহ ঘাটিৰ বাবে অসংখ্য কেলেংকাৰী সংঘটিত হৈছিল।
এন ডি এ চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা আৰু সুশাসন ব্যৱস্থাৰ জৰিয়তে ২০১৪ চনৰ পূৰ্বৰ যুগৰ প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰা হৈছিল।বেংকিং সংকট আছিল ইউ পি এ চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কুখ্যাত উত্তৰাধিকাৰ।

