নিউজডেক্স,১০ ফেব্ৰুৱাৰী,২০২৪:আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৃহৎ ঘোষণা কৰিছে। তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA কাৰ্যকৰী কৰাৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু ইয়াকো কাৰ্যকৰী কৰা হ’ব। তেওঁ কয় যে এই আইনক লৈ কোনেও বিভ্ৰান্ত হ’ব নালাগে।যোৱা বছৰৰ ডিচেম্বৰ মাহত পশ্চিম বংগ ভ্ৰমণৰ সময়ত তেওঁ দাবী কৰিছিল যে CAA ৰূপায়ণ কোনেও বাধা দিব নোৱাৰে। সংবাদ সংস্থা এএনআইৰ মতে, অমিত শ্বাহে কয় — “মই স্পষ্টকৈ ক’ব বিচাৰো যে CAA ই কোনো ব্যক্তিৰ নাগৰিকত্ব কাঢ়ি নিদিয়ে। ইয়াৰ উদ্দেশ্য হৈছে কেৱল ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা পাকিস্তানী, আফগান আৰু বাংলাদেশী সংখ্যালঘুসকলক নাগৰিকত্ব দিয়া।”অমিত শ্বাহে কয় যে কংগ্ৰেছে চুবুৰীয়া দেশৰ নিপীড়িত সংখ্যালঘুসকলক নাগৰিকত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ কয়, “যেতিয়া দেশ বিভাজিত হৈছিল আৰু তাত সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈছিল, তেতিয়া সকলোৱে ভাৰতলৈ পলাই যাব বিচাৰিছিল, তেতিয়া কংগ্ৰেছে কৈছিল যে আপোনালোক ইয়ালৈ আহক, আপোনাক ইয়াত নাগৰিকত্ব দিয়া হ’ব।”কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধীয়ে মুছলমান সকলক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “আমাৰ মুছলমান ভাইসকলক CAA লৈ বিপথে পৰিচালিত কৰা হৈছে আৰু উচটনি দিয়া হৈছে। CAA কেৱল পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব দিবলৈহে।” তেওঁ কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰৱৰ্তন কৰা CAA ৰ লক্ষ্য হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানকে ধৰি নিৰ্যাতিত অমুছলমান অনুপ্ৰৱেশকাৰীক ভাৰতলৈ অহাৰ দিনৰ পৰা ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ।অমিত শ্বাহৰ মতে এইবাৰৰ নিৰ্বাচনত উন্নয়ন বনাম দুৰ্নীতিৰ যুঁজ হ’ব৷আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই নিৰ্বাচন হ’ব উন্নয়নৰ স্বাৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে কথাবে। তেওঁ কয়, “এই নিৰ্বাচন I.N.D.I.A বনাম এন ডি এৰ কথা নহয়। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা বনাম দুৰ্নীতিগ্ৰস্ত শাসনৰ কথাহে। এই নিৰ্বাচন হ’ব ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰিব বিচৰাসকল বনাম যিয়ে বৈদেশিক নীতিৰ নামত ৰাষ্ট্ৰীয় নিৰাপত্তাক বিপদত পেলায় তেওঁলোকৰ মাজত।” উল্লেখ্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদে CAA গৃহীত হোৱা তাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ সৃষ্টি হৈছিল আৰু আজিও অসমৰ বিভিন্ন জাতিয়তাবদী শিবিৰে “কা” আইনৰ বিৰোধিতা কৰি আছে ৷

