নিউজডেক্স,১২ ফেব্ৰুৱাৰী ২০২৪: আজি অসম চৰকাৰে ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ বাবে ২.৯ লাখ কোটি টকাৰ বাজেট দাখিল কৰিছে।এই বাজেটত ৭৭৪.৪৭ কোটি টকাৰ ঘাটি আছে আৰু ইয়াত কোনো নতুন কৰ প্ৰস্তাৱ কৰা হোৱা নাই। অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত বাজেট দাখিল কৰি ঘোষণা কৰে যে সমাজত বাল্যবিবাহ প্ৰতিহত কৰিবলৈ ১০ লাখ ছোৱালীক স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে সহায় আগবঢ়াব।নেওগৰ তথ্য অনুসৰি ২০২৪-২৫ বৰ্ষৰ বাজেট হিচাপত ৰাজ্যৰ সমন্বিত পুঁজিৰ অধীনত ১,৪৩,৬০৫.৫৬ কোটি টকা লাভ কৰা দেখা গৈছে। ৰাজহুৱা একাউণ্টৰ অধীনত ১,৪৪,৫৫০.০৮ কোটি টকা আৰু আকস্মিক পুঁজিৰ অধীনত ২০০০ কোটি টকা সংযোজন কৰাৰ লগে লগে মুঠ লাভৰ পৰিমাণ হ’ল ২,৯০,১৫৫.৬৫ কোটি টকা।ব্যয়ৰ ফালৰ পৰা ২০২৪-২৫ বৰ্ষৰ বাবে একত্ৰিত পুঁজিৰ পৰা মুঠ ব্যয় ১,৪৩,৮৯০.৬২ কোটি টকা বুলি অনুমান কৰা হৈছে। ৰাজহুৱা একাউণ্টৰ অধীনত ১,৪২,৬৭০.০৯ কোটি আৰু আকস্মিক পুঁজিৰ অধীনত ২০০০ কোটি টকা ব্যয় বিবেচনা কৰিলে বছৰটোৰ মুঠ ব্যয় ২,৮৮,৫৬০.৭১ কোটি টকা বুলি অনুমান কৰা হৈছে৷ৰাজ্যিক অৰ্থনীতিৰ সন্দৰ্ভত নেওগে কয় যে ২০২৩-২৪ চনত ৫.৭ লাখ কোটি টকা হোৱাৰ বিপৰীতে অহা বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি এছ ডি পি) ৬.৪৩ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

