নিউজডেক্স, ১৩ ফেব্ৰুৱাৰী ২০২৪ : অসম চৰকাৰে মঙলবাৰে ‘কাজী নেমু’ (চাইট্ৰাছ নেমু)ক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰে।’কাজি নেমু’ ইয়াৰ অনন্য সুগন্ধি আৰু স্বাস্থ্য উপকাৰীতাৰ বাবে সুপৰিচিত আৰু ইয়াত ভৌগোলিক সূচক (GI) টেগ থাকে৷কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ বিধানসভাত এই ঘোষণা কৰে কৃষি মন্ত্ৰী অতুল বৰাই।“কালি কেবিনেট বৈঠকত ‘কাজী নেমু’ক অসমৰ ৰাজ্যিক ফল হিচাপে অনুমোদন জনোৱা হৈছে। আমাৰ চৰকাৰৰ এয়া এক প্ৰশংসনীয় সিদ্ধান্ত” বুলি মন্ত্ৰী অতুল বৰাই কয়৷বৰাই কয় যে ২০১৬ চনত এই ফলটোৱে জি আই টেগ লাভ কৰিছিল আৰু ৰাজ্যখনত বাণিজ্যিকভাৱেও ইয়াৰ খেতি কৰাৰ লগতে ইয়াৰ ৰপ্তানিও কৰা হৈছে।“কাজী নেমুৰ বাণিজ্যিক বাগিচা কৰা হৈছে। ৰাজ্যৰ ১৫.৯০ হেক্টৰ মাটিত কাজী নেমুৰ খেতি কৰা হয় আৰু ইয়াৰ উৎপাদন ১.৫৮ মেট্ৰিক টন। যোৱা দুবছৰত এই ফল মধ্যপ্ৰাচ্যকে ধৰি বিশ্বৰ কেইবাখনো দেশলৈ কাজী নেমু ৰপ্তানি কৰা হৈছে”। , তেওঁ কয়।বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু খাদ্যত এক অনন্য সোৱাদ অনাৰ ক্ষেত্ৰতো কাজী নেমুৰ বিশেষ গুণৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে।সামাজিক মাধ্যম এক্সত মন্ত্ৰীজনে উল্লেখ কৰে— “আমাৰ চৰকাৰে কাজী নেমু (চাইট্ৰাছ লিমন)ক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ অনন্য সুগন্ধি আৰু এন্টিঅক্সিডেন্ট গুণেৰে অসম নেমুয়ে আমাৰ স্থানীয় খাদ্য সম্ভাৰ সমৃদ্ধ কৰিছে।”ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাজী নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তই ফলটোক বিশ্বজুৰি অধিক প্ৰাধান্য লাভ কৰাত সহায় কৰিব।এই ঘোষণাৰ জৰিয়তে ই বিশ্বৰ ফলৰ মানচিত্ৰত জিলিকি উঠাৰ উপৰিও আমাৰ কৃষকৰ আত্মনিৰ্ভৰশীলতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

