
নিউজডেক্স,১৪ ফেব্ৰুৱাৰী,২০২৪ : সমগ্ৰ ৰাজ্যতে আজি আলি আয়ে লৃগাং উদযাপন কৰা হৈছে৷ ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ। আলি আয়ে লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিছিঙসকলৰ পৰম্পৰাগত উৎসৱ। কৃষিৰ লগত জড়িত এই উৎসৱ তেওঁলোকৰ বাবে এক বসন্তকালীন উৎসৱ ৰাজ্যৰ অন্যান্য স্থানৰ দৰে আলি আয়ে লৃগাঙক লৈ আজি নাজিৰাৰ চণ্টকত চৌদিশে আনন্দৰ লহৰ। সমূহ চন্টক বালি মিচিং গাঁৱৰ ৰাইজৰ সহযোগত উলহ মালহেৰে উদযাপন কৰিছে মিচিং সমাজৰ হেঁপাহৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । উল্লেখ্য যে মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ এই আলি আয়ে লৃগাঙ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে সমূহীয়াভাৱে ভোজভাত খাই নানান নৃত্য-গীত কৰে। প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী ভাঙি আলু, আদা, ধান ৰোপণ কৰে। ইয়াকেই ‘লৃগাং’ বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়। এই অনুষ্ঠান গাঁৱৰ প্ৰতি ঘৰতে কৰা হয়৷ পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া ‘পাকছ-মনাম‘ নৃত্য কৰে৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে৷ উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই ‘দঞিপল’ (সূর্য-চন্দ্র)ৰ নাম লৈ, যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে মংগল হওঁক, তাৰে কামনা কৰে। এই উৎসৱত পৰঃ আপং ব্যৱহাৰ কৰা হয়। আলি-আই-লৃগাং উৎসৱ সাধাৰণতে পাঁচদিন ধৰি চলে। এই পাঁচদিন ডেকা-গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰি ধান, চাউল আদি সংগ্ৰহ কৰে আৰু শেষৰ দিনা ভোজ-ভাত খায়। কোনো কোনো অঞ্চলত এই উৎসৱ তিনি দিন হয়। উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰে৷ মহিলাসকলে পুৱাই উঠি ঘৰৰ চোতাল আদি সাৰি-মচি পৰিষ্কাৰ কৰে৷ গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে৷ উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি ‘পুৰাং‘ আপিন সিজায়৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

