
নিউজডেক্স,১৪ ফেব্ৰুৱাৰী,২০২৪ : সমগ্ৰ ৰাজ্যতে আজি আলি আয়ে লৃগাং উদযাপন কৰা হৈছে৷ ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ। আলি আয়ে লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিছিঙসকলৰ পৰম্পৰাগত উৎসৱ। কৃষিৰ লগত জড়িত এই উৎসৱ তেওঁলোকৰ বাবে এক বসন্তকালীন উৎসৱ ৰাজ্যৰ অন্যান্য স্থানৰ দৰে আলি আয়ে লৃগাঙক লৈ আজি নাজিৰাৰ চণ্টকত চৌদিশে আনন্দৰ লহৰ। সমূহ চন্টক বালি মিচিং গাঁৱৰ ৰাইজৰ সহযোগত উলহ মালহেৰে উদযাপন কৰিছে মিচিং সমাজৰ হেঁপাহৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । উল্লেখ্য যে মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ এই আলি আয়ে লৃগাঙ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে সমূহীয়াভাৱে ভোজভাত খাই নানান নৃত্য-গীত কৰে। প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী ভাঙি আলু, আদা, ধান ৰোপণ কৰে। ইয়াকেই ‘লৃগাং’ বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়। এই অনুষ্ঠান গাঁৱৰ প্ৰতি ঘৰতে কৰা হয়৷ পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া ‘পাকছ-মনাম‘ নৃত্য কৰে৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে৷ উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই ‘দঞিপল’ (সূর্য-চন্দ্র)ৰ নাম লৈ, যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে মংগল হওঁক, তাৰে কামনা কৰে। এই উৎসৱত পৰঃ আপং ব্যৱহাৰ কৰা হয়। আলি-আই-লৃগাং উৎসৱ সাধাৰণতে পাঁচদিন ধৰি চলে। এই পাঁচদিন ডেকা-গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰি ধান, চাউল আদি সংগ্ৰহ কৰে আৰু শেষৰ দিনা ভোজ-ভাত খায়। কোনো কোনো অঞ্চলত এই উৎসৱ তিনি দিন হয়। উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰে৷ মহিলাসকলে পুৱাই উঠি ঘৰৰ চোতাল আদি সাৰি-মচি পৰিষ্কাৰ কৰে৷ গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে৷ উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি ‘পুৰাং‘ আপিন সিজায়৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

