নিউজডেক্স,২০ ফ্ৰেব্ৰুৱাৰী,২০২৪ : অসমত ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ মুঠ ৬৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ৬৫% দুৰ্ঘটনাই দ্ৰুত বেগৰ বাবে সংঘটিত হোৱা বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে।সংবাদ মাধ্যমে লাভ কৰা তথ্যানুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ৰাজ্যখনত মুঠ ১,৫২,২৮১টা অতিৰিক্ত গতিবেগৰ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু অতিৰিক্ত গতিবেগৰ বাবে জৰিমনা হিচাপে প্ৰায় ৫.৭৩ কোটি টকা সংগ্ৰহ কৰা হৈছে।অসমত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু পথ সুৰক্ষা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু পৰিবহন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো জনসাধাৰণে প্ৰায়েই যান-বাহনৰ নীতি নিয়ম উলংঘা কৰে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা গতি সীমা উলংঘা কৰা ধৰা পৰে বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই সংবাদ মাধ্যমক জনায়।সূত্ৰটোৱে কয় যে, “মানুহে জানিও গতি সীমা মানি নচলে। আনকি ৰাষ্ট্ৰীয় ঘাইপথতো এনেকুৱা ঠাই আছে য’ত বাহনসমূ অতি কম গতিত চলাব লাগে। ” পৰিবহন বিভাগৰ সূত্ৰই প্ৰকাশ কৰে যে তীব্ৰ গতিৰ নিয়ম বলবৎ কৰা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে গুৱাহাটীত প্ৰতিদিনে গড়ে কমেও ২০০টা দ্ৰুত বেগেৰে বাহন চলোৱাৰ গোচৰৰ ৰুজু কৰে আৰু এই শাস্তি বেছিভাগৰ ক্ষেত্ৰতে বিশেষ কাৰ্যকৰী প্ৰতিৰোধক যেন নালাগে কাৰণ ইয়াৰ ফলত আইন অমান্যকাৰীয়ে বিশেষ আমনি নাপায় আৰু আনকি পৰৱৰ্তী সময়ত তেওঁলোকে গতিবেগো নকমায় ।সূত্ৰটোৱে আৰু প্ৰকাশ কৰে যে গতি সীমাৰ চিহ্নও সকলো ঠাইতে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰদৰ্শিত নহয় আৰু স্থান বিশেষে গতি সীমাৰ চিন অতি নূন্যতম আৰু দেখা পোৱা নাযায়। আনহাতে বিভাগীয় ভাবে গতি চিহ্ন স্থাপন কৰা হয় যদিও প্ৰায়েই এইবোৰ দুষ্কৃতিকাৰীয়ে ভাঙি যায় বা চুৰি কৰাৰ ফলত সকলো লোকেই ক্ষতিগ্ৰস্ত হয়৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

