নিউজডেক্স,২০ ফ্ৰেব্ৰুৱাৰী,২০২৪ : অসমত ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ মুঠ ৬৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ৬৫% দুৰ্ঘটনাই দ্ৰুত বেগৰ বাবে সংঘটিত হোৱা বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে।সংবাদ মাধ্যমে লাভ কৰা তথ্যানুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ৰাজ্যখনত মুঠ ১,৫২,২৮১টা অতিৰিক্ত গতিবেগৰ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু অতিৰিক্ত গতিবেগৰ বাবে জৰিমনা হিচাপে প্ৰায় ৫.৭৩ কোটি টকা সংগ্ৰহ কৰা হৈছে।অসমত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু পথ সুৰক্ষা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু পৰিবহন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো জনসাধাৰণে প্ৰায়েই যান-বাহনৰ নীতি নিয়ম উলংঘা কৰে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা গতি সীমা উলংঘা কৰা ধৰা পৰে বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই সংবাদ মাধ্যমক জনায়।সূত্ৰটোৱে কয় যে, “মানুহে জানিও গতি সীমা মানি নচলে। আনকি ৰাষ্ট্ৰীয় ঘাইপথতো এনেকুৱা ঠাই আছে য’ত বাহনসমূ অতি কম গতিত চলাব লাগে। ” পৰিবহন বিভাগৰ সূত্ৰই প্ৰকাশ কৰে যে তীব্ৰ গতিৰ নিয়ম বলবৎ কৰা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে গুৱাহাটীত প্ৰতিদিনে গড়ে কমেও ২০০টা দ্ৰুত বেগেৰে বাহন চলোৱাৰ গোচৰৰ ৰুজু কৰে আৰু এই শাস্তি বেছিভাগৰ ক্ষেত্ৰতে বিশেষ কাৰ্যকৰী প্ৰতিৰোধক যেন নালাগে কাৰণ ইয়াৰ ফলত আইন অমান্যকাৰীয়ে বিশেষ আমনি নাপায় আৰু আনকি পৰৱৰ্তী সময়ত তেওঁলোকে গতিবেগো নকমায় ।সূত্ৰটোৱে আৰু প্ৰকাশ কৰে যে গতি সীমাৰ চিহ্নও সকলো ঠাইতে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰদৰ্শিত নহয় আৰু স্থান বিশেষে গতি সীমাৰ চিন অতি নূন্যতম আৰু দেখা পোৱা নাযায়। আনহাতে বিভাগীয় ভাবে গতি চিহ্ন স্থাপন কৰা হয় যদিও প্ৰায়েই এইবোৰ দুষ্কৃতিকাৰীয়ে ভাঙি যায় বা চুৰি কৰাৰ ফলত সকলো লোকেই ক্ষতিগ্ৰস্ত হয়৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

